নাগৰিকত্ব সংশোধনী আইন: কেবিনেটৰ‌ সিদ্ধান্তৰ ওপৰত মিশ্ৰিত প্ৰতিক্ৰিয়া

নাগৰিকত্ব সংশোধনী আইন: কেবিনেটৰ‌ সিদ্ধান্তৰ ওপৰত মিশ্ৰিত প্ৰতিক্ৰিয়া

নাগৰিকত্ব সংশোধনী আইন: কেবিনেটৰ‌ সিদ্ধান্তৰ ওপৰত মিশ্ৰিত প্ৰতিক্ৰিয়া । ৰাজ্য চৰকাৰে শনিবাৰে কেবিনেট বৈঠকত লোৱা কেইবাটাও সিদ্ধান্তক লৈ বিভিন্ন দল সংগঠনৰ‌ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সদৌ‌ অসম ছাত্ৰ সন্থাই মন্ত্ৰী সভাৰ পদক্ষেপক তীব্ৰ নিন্দা কৰিছে । আনহাতে অসমৰ জনজাতীয় সংগঠনৰ সমন্বয় সমিতিয়ে কেবিনেটৰ সিদ্ধান্তক স্বাগতম জনাইছে।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে " চৰকাৰৰ এই পদক্ষেপ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনগনৰ কণ্ঠ ৰুদ্ধ কৰাৰ এক প্ৰয়াস মাত্ৰ । শনিবাৰে কেবিনেটে যি পদক্ষেপ লৈছিল সেয়া সকলোবোৰ আমাৰ দাবী আছিল । কেবিনেটৰ এয়া পদক্ষেপ নতুন নহয় । আমি আমাৰ দাবী পূৰণ কৰাত সফল হৈছো। তথাপিও আমাৰ আন্দোলন তেতিয়ালৈকে অব্যাহত থাকিব যেতিয়ালৈকে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল নকৰে " ।

আছুৰ সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে এক যুটীয়া মন্তব্য প্ৰদান কৰি কয় যে ৰাজ্যৰ কেবিনেটৰ সিদ্ধান্ত অসমৰ জনসাধাৰণৰ প্ৰাপ্য ।ৰাইজে দীৰ্ঘদিন ধৰি এই দাবী জনাই আহিছে । ৰাইজৰ দাবীৰ বিপৰীতে চৰকাৰে স্বীকাৰ কৰিছে যে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ‌ ফলত অসমৰ ভূমি, সংস্কৃতি,অৰ্থ ব্যৱস্থা,অসমৰ অস্তিত্বত প্ৰভাৱ পৰিব।

আনহাতে অসমৰ জনজাতীয় সংগঠনৰ সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে কয় যে , " মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেবিনেটৰ দ্বাৰা সংবিধানৰ ৩৪৫ নং অনুচ্ছেদ সংশোধন কৰি অসমীয়াক ৰাজ্যভাষা হিচাপে স্বীকৃতি দিবলৈ কেন্দ্ৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱক আমি স্বাগতম জনাইছো । মৰাণ, মটক আৰু কোচ ৰাজবংশীৰ‌‌ বাবে তিনিখন স্বায়ত্ব পৰিষদ গঠন কৰা চৰকাৰৰ সিদ্ধান্তক আমি স্বাগতম জনাইছো। তদুপৰি মৰাণ, মটক, টাই আহোম আৰু চুতীয়া সমুদায়ৰ ঐতিহাসিক স্মৃতিস্তম্ভ সংৰক্ষণৰ বাবে চৰকাৰে লোৱা বিশেষ সিদ্ধান্তকো ‌আমি আদৰণি জনাইছোঁ" ।

লগতে তেওঁ কয় যে তেওঁলোকে স্বদেশী জনজাতি সমুদায়ৰ বাবে অধিক স্বায়ত্ব পৰিষদৰ দাবী জনায় ।যি মুখ্য ৰূপত বড়ো, তংসা, টাই খামায়ং, আৰু টাই ফিকে সমুদায়ৰ ভাষা, সাংস্কৃতিক অৰ্থাৎ সামগ্ৰিক উন্নয়ন বিকাশৰ বাবে।

অন্যহাতে, এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে সোণোৱালৰ চৰকাৰে নিৰ্বাচনৰ প্ৰাকক্ষনত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰাত ইতিমধ্যে ব্যৰ্থ হৈছে । তদুপৰি বৰ্তমান চৰকাৰৰ এই আশ্বাস কেৱল নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে জনসাধাৰণৰ কণ্ঠ ৰুদ্ধ কৰাৰ অৰ্থে।

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU 'Gana Satyagraha Programme' against CAA 2019 in Golaghat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com