Begin typing your search above and press return to search.

প্ৰতিবাদৰ ভয়ংকৰ ৰূপ; প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা ,শূণ্যলৈ গুলি

প্ৰতিবাদৰ ভয়ংকৰ ৰূপ; প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা ,শূণ্যলৈ গুলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Dec 2019 6:23 AM GMT

প্ৰতিবাদৰ ভয়ংকৰ ৰূপ; প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা , শূণ্যলৈ গুলি । অন্য ঠাইৰ দৰে ডিব্ৰুগড়তো অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। প্ৰতিবাদৰ জুয়ে দহিছে সমগ্ৰ ৰাজ্য । দল সংগঠনৰ পৰা ছাত্ৰ সংগঠনলৈ, সাহিত্যক লেখকৰ পৰা শিল্পীলৈ , বিদ্যালয় মহাবিদ্যালয়, ৰাজ্যৰ জনসাধৰণৰ সকলো ওলাই আহিছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ।

ডিব্ৰুগড়ত আজি ৰাতিপুৱাৰে পৰা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । আজি পুৱাৰে পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ফায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদ কাৰী সকলে। বিজেপি চৰকাৰ বিৰোধী, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদী কাৰ্যসূচী। টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কেইবাখনো যান বাহন ভাঙি লণ্ড ভণ্ড কৰে প্ৰতিবাদ কাৰী সকলে ।

প্ৰতিবাদৰ পৰিস্থিতি অধিক ভয়ানক হোৱাত প্ৰতিবাদকাৰী সকলক ছত্ৰভঙ্গ কৰিবলৈ আৰক্ষীয়ে লাঠি চাৰ্চ কৰে লগতে শূন্যলৈ গুলি চালনা কৰিব লগা হয় । তাৰ পিছতেই প্ৰতিবাদ কাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘৰ্ষৰ । আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে প্ৰতিবাদ কালীয়ে । উল্লেখযোগ্য যে প্ৰতিবাদকাৰীৰ শিলাবৰ্ষনত আহত হয় এজন সাংবাদিক।

অন্য খবৰৰ বাবে পঢ়ক : কেবৰ বিৰুদ্ধে আহ্বান কৰা বন্ধত স্তব্ধ সমগ্ৰ ৰাজ্য, টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Next Story
চাকৰি