Begin typing your search above and press return to search.

কেবৰ বিৰুদ্ধে আহ্বান কৰা বন্ধত স্তব্ধ সমগ্ৰ ৰাজ্য, টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত

কেবৰ বিৰুদ্ধে আহ্বান কৰা বন্ধত স্তব্ধ সমগ্ৰ ৰাজ্য, টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Dec 2019 11:03 AM GMT

কেবৰ বিৰুদ্ধে আহ্বান কৰা বন্ধত স্তব্ধ সমগ্ৰ ৰাজ্য, টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নেছ'ই আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বন্ধৰ আহ্বানক সমৰ্থনো জনাইছিল বহু দল সংগঠনে । আজি বন্ধৰ প্ৰভাৱ দেখা যায় সমগ্ৰ ৰাজ্যতো । ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কাৰী সকলে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

মাৰ্ঘেৰিটাতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ।মাৰ্ঘেৰিটা চেগুনবাৰী ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰতিবাদীকাৰী জ্বলোৱা টায়াৰ নুমুৱাবলৈ অহা অগ্নিনিৰ্বাপক বাহনক খেদি পঠায় প্ৰতিবাদকাৰীয়ে।

বিশ্ব নাথতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ।আছু সহ হাজাৰ হাজাৰ লোক বিশ্বনাথৰ ৰাজপথত ওলাই আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদৰ্শন কৰি বিশ্বনাথৰ আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰী সকলে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীতাৰে যোৰহাট ভিন্ন প্ৰান্তত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আছুসহ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।লগতে কাজিৰঙা বিশ্ববিদ্যালয় ছাত্ৰ সমাজ ,বীৰ লাচিত,আছু আৰু বৃহত্তৰ পশ্চিম যোৰহাট বাসী ৰাইজ সহযোগত কেবৰ বিৰুদ্ধে প্ৰতিবাদত ।

লাহৰীঘাটতো বন্ধৰ প্ৰভাৱ যথেষ্ট দেখা যায়। কেন্দ্ৰীয় চৰকাৰে জাপি দিব বিচৰা জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসম বন্ধৰ দ্বিতীয় দিনাও লাহৰীঘাটৰ বিভিন্ন স্থানত পুৱাৰে পৰাই সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। লাহৰীঘাটৰ বৰবড়ীত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ (আমছু)ৰ শতাধিক কৰ্মীয়ে গড়কাপ্তানি পথৰ মাজত টায়াৰ জ্বলাই বিভিন্ন শ্লো'গানেৰে বিধেয়কখন বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে লাহৰীঘাটৰ কছাৰীবড়ীত নাগৰিক মঞ্চৰ উদ্যোগত কেইবা শতাধিক স্থানীয় ৰাইজে সমদল বাহিৰ কৰি ৰাজপথত টায়াৰ জ্বলাই বিভিন্ন শ্লো'গানেৰে বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : কেবৰ বিৰুদ্ধে অসমীয়া শিল্পী,ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা ছবিৰ নাম প্ৰত্যাহাৰ জাহ্নু বৰুৱাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU hangs effigies of State Ministers in Kokrajhar against CAB

Next Story
চাকৰি