Begin typing your search above and press return to search.

সোমবাৰে লোকসভাত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক

সোমবাৰে লোকসভাত উত্থাপন হব নাগৰিকত্ব সংশোধনী বিধেয়ক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Dec 2019 6:36 AM GMT

সোমবাৰে লোকসভাত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক । বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক খন সোমবাৰে লোকসভাত উত্থাপন কৰিবলৈ কেন্দ্ৰ সম্পূৰ্ণ ৰূপে প্ৰস্তুত। সূত্ৰৰ পৰা জানিব পৰা অনুসৰি ডিচেম্বৰ ৯ তাৰিখ সোমবাৰে বিছনেছ এডভিচৰি কমিটীয়ে লোকসভাত বিধায়ক খন উত্থাপনৰ সিদ্ধান্ত লয়।

সূত্ৰই জনোৱা অনুসৰি বিধেয়ক খন লোকসভাত গৃহীত হোৱাৰ পিছত বিধেয়ক খন ৰাজ্যসভাত উত্থাপন কৰা হ'ব। বুধবাৰে কেন্দ্ৰীয় কেবিনেটে বিধেয়ক খনত অনুমোদন জনাই।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰৰ ৰাজধানী দিল্লীত বিগত তিনি দিনত বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন আৰু নাগৰিক সমাজৰ বিভিন্ন প্ৰতিনিধিৰ‌ লগত আলোচনাত মিলিত হৈছিল।

সদৌ অসম ছাত্ৰ সন্থা , নেছ' আদিৰ লগতে আন বহুতো দল সংগঠনে বিতৰ্কিত বিধেয়ক খনৰ বিৰোধিতা কৰি আহিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ পৰামৰ্শ দাতা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক খন ঐতিহাসিক অসম চুক্তিৰ বুনিয়াদী নীতিৰ বিৰোধী। অসম আৰু উত্তৰ পূৰ্বাঞ্চলে কেতিয়াও অবৈধ বিদেশীৰ বোজা গ্ৰহণ নকৰে।

তদুপৰি বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আন ছাত্ৰ সংগঠন সমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতীকী প্ৰতিলিপি দাহ নকৰে ।

চি পি আই (এম) ও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে । চি পি আই (এম) ৰ সাধৰণ সম্পাদক চিতাৰাম য়েচুৰীয়ে কয় যে মূলৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰে। এই বিধেয়ক খনে সংবিধানৰ মূল চৰিত্ৰক উলংঘন কৰে । লগতে চিতাৰামে কয় যে বি জে পি‌ চৰকাৰে কেৱল ভোটৰ বাবে এনেধৰণৰ ৰাজনীতি কৰি আছে ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থনৰ সংকেত অসম গন পৰিষদৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Mahila Congress staged protest against PM Modi-led BJP Govt in Tinsukia

Next Story
চাকৰি