নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থনৰ সংকেত অসম গন পৰিষদৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থনৰ সংকেত অসম গন পৰিষদৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থনৰ সংকেত অসম গন পৰিষদৰ ।নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে হোৱা বৈঠকৰ পিছত অসম গন পৰিষদৰ অধ্যক্ষ অতুল বৰাই সংকেত প্ৰদান কৰিছে যে দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ নতুন সংস্কৰণ গ্ৰহন কৰিব, কিয়নো কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কথিত ৰূপত আশ্বাস প্ৰদান কৰিছে যে অসম চুক্তিৰ ৬ নং দফা সম্পাদনা কৰিব। অতুল বৰাৰ এই সংকেতৰ পিছত দলটোৱে বিভিন্ন সমালোচনাৰ সন্মুখীন হ'ব লগীয়া হয়।

অসম খন পৰিষদে বৃহস্পতিবাৰে নিজৰ বিধায়ক দলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত দলৰ মতামত সলনি কৰি দিয়ে । বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত অসম গন পৰিষদৰ বৰ্তমানৰ অধ্যক্ষ আৰু জল সংসাধন, আই টি আৰু পুৰাতত্ব মন্ত্ৰী কেশৱ মহন্তই কয় যে অসম খন পৰিষদে অমিত শ্বাহক নিম্ন লিখিত প্ৰস্তাৱ সমূহক লিখিত ৰূপত ‌অৱগত কৰাইছে :

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ আগতে ভাৰত চৰকাৰে অসম চুক্তিৰ ৬ নং দফাক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব লাগিব। অসম চুক্তিত হস্তাক্ষৰ কৰাৰ ৩৫ বছৰ পিছত সাংবিধানিক সুৰক্ষাৰ কথা কোৱা হৈছে কিন্তু এতিয়ালৈকে অসমৰ জনসাধৰণে এই সুৰক্ষাৰ আনন্দ ল'ব পৰা নাই ।

কেন্দ্ৰই ইতিমধ্যে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন কৰাৰ ক্ষেত্ৰত উচ্চস্তৰীয় কমিটি গঠন কৰিছে । লগতে তেওঁ কয় যে অসমৰ জনসাধাৰণে নিজৰ ভাষা, সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিব বুলি ভয় খাইছে যাৰ বাবে বিধানসভা আৰু সংসদত আসন সংৰক্ষণৰ দাবী কৰিছে ।

বিধানসভাত ১২৬ খন আসনৰ ১০০ খন আসন থলুৱা লোকৰ বাবে সংৰক্ষণ কৰিব লাগিব। অসমৰ বাবে এই একেই পদক্ষেপ লোকসভা আৰু ৰাজ্যসভাৰ বাবেও ল'ব লাগে ।

অসমৰ বাবে লোকসভাত ১৪ খন আসন আৰু ৰাজ্যসভাত ৭ খন আসন আছে ।

তদুপৰি মন্ত্ৰী গৰাকীয়ে কয় যে অসমৰ থলুৱা জনসাধাৰণ বাবে সকলো স্থানীয় ক্ষেত্ৰ আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অসমৰ স্বদেশী লোকৰ বাবে আসন সংৰক্ষণ হ'ব লাগিব।

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে কেন্দ্ৰই অসমৰ ছয়টা সমূদায় চুতীয়া, মটক,মৰাণ,কোচ-ৰাজবংশী , টাই আহোম আৰু চাহ জনজাতীয় লোক সকলক অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত কৰিব লাগিব।

ভিডিঅ প্ৰতক্ষ্য কৰক: Mahila Congress staged protest against PM Modi-led BJP Govt in Tinsukia

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com