Begin typing your search above and press return to search.

 অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰসংগ উত্থাপন হল বিধানসভাত

 অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰসংগ উত্থাপন হল বিধানসভাত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2019 7:33 AM GMT

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি প্ৰসংগ উত্থাপন হল বিধানসভাত।পিয়াজ সহিত অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি প্ৰসংগ বিৰোধী কংগ্ৰেছ দলৰ বিধায়িকা অজন্তা নেওগে বুধবাৰে বিধানসভাত উত্থাপন কৰে।বিধায়িকা গৰাকীয়ে বিধানসভাত কয় যে,অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে প্ৰত্যেক পৰিয়ালৰ ওপৰতে প্ৰভাৱ পেলাইছে। এই মূল্যবৃদ্ধি হৈছে চিণ্ডিকেটৰ বাবে।বাহিৰৰ ৰাজ্যৰ পৰা পিয়াজ বা অন্য সামগ্ৰী অনা ট্ৰাক সমূহ শ্ৰী ৰামপুৰ গেট পাৰ হৈ অসমত প্ৰৱেশ কৰাৰ পিছতেই এই চিণ্ডিকেটে অবৈধ কামবোৰ সক্ৰিয় ভাবে কৰে বুলি বিধায়িকা গৰাকীয়ে মন্তব্য কৰে।বিধায়িকাগৰাকীয়ে লগতে উল্লেখ কৰে যে,এনে চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লব লাগে।

বিৰোধী কংগ্ৰেছ দলৰ বিধায়ক সকলে এনে অভিযোগ উত্থাপন কৰাৰ পিছতেই খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ২০১৬ বর্ষৰ জানুৱাৰী মাহৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ এক মূল্য তালিকা প্ৰদৰ্শন কৰে।তেতিয়া ৰাজ্যৰ শাসনভাৰত আছিল কংগ্ৰেছ চৰকাৰ।মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে লগতে কয় যে বৰ্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য তুলনামূলকভাবে কম । মন্ত্ৰী গৰাকীৰ তেনে উত্তৰৰ পিছতেই বিৰোধী কংগ্ৰেছ দলৰ বিধায়ক সকলে শ্লোগান দিব আৰম্ভ কৰে। তেতিয়াই মন্ত্ৰী গৰাকীয়ে বিৰোধী দলটোৰ বিধায়ক সকলক উদ্দেশ্যি মন্তব্য কৰে যে আপোনালোকে পাহৰি নাযাব যে আপোনালোকৰ শাসনকালত ২০১৩ চনৰ সময়ছোৱাত প্ৰতি কিলোঁ পিয়াঁজৰ মূল্য হৈছিলগৈ ৮০ টকা।

তেনে সময়তে কংগ্ৰেছ দলৰ বিধায়কসকলে প্ৰতিবাদী শ্লোগান দি সদন ত্যাগ কৰে।তেওঁলোকে শ্লোগান দিয়ে " নিয়ন্ত্ৰন কৰক মূল্যবৃদ্ধি।" কংগ্ৰেছী বিধায়ক সকলে সকলে সদন ত্যাগ কৰিলেও মন্ত্ৰী গৰাকীয়ে নিজ বক্তব্য ধাৰাবাহিক ভাবে আগবঢ়াই কয় যে , অসমত বৃহৎ হাৰত পিয়াজ উৎপাদন নহয়,সেয়ে বাহিৰৰ ৰাজ্যৰ পৰা অনা হয়।অন্যহাতে সমগ্ৰ দেশতে পিয়াঁজৰ উৎপাদন কমি যোৱাৰ ফলত এই মূল্য বৃদ্ধি হৈছে বুলি মন্ত্ৰী গৰাকীয়ে কয়।

অন্য খবৰৰ বাবে পঢ়ক : কেন্দ্ৰৰ পদক্ষেপ অসম চুক্তিৰ বিৰোধী: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ভিডিঅ প্ৰতক্ষ্য কৰক: 12-wheeler lorry creates menace in Barpeta, Passes over Weak Wood Bridge despite Notice

Next Story
চাকৰি