কেন্দ্ৰৰ পদক্ষেপ অসম চুক্তিৰ বিৰোধী: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

কেন্দ্ৰৰ পদক্ষেপ অসম চুক্তিৰ বিৰোধী: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

কেন্দ্ৰৰ পদক্ষেপ অসম চুক্তিৰ বিৰোধী: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।‌ অসম চুক্তিৰ এজন স্বাক্ষৰদাতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনাই ভাৰত চৰকাৰে অসমৰ জনসাধাৰণৰ লগত বিশ্বাসঘাটকতা কৰিছে । কেন্দ্ৰীয় কেবিনেটে বুধবাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনায়।

প্ৰফুল্ল কুমাৰ মহন্তই বিধেয়ক খন অনুমোদনৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিধেয়ক খন অসম চুক্তিৰ বিৰোধী। যদি সংসদত বিধেয়ক খন গৃহীত হয় তেন্তে ই অসম চুক্তিৰ দফা নাকচ কৰিব । অৰ্থাৎ অসমত স্বদেশী লোকৰ অস্তিত্ব সংকটত হ'ব ।

অসম চুক্তিৰ বিভিন্ন দিশৰ ওপৰত মহন্তই কয় যে অসম চুক্তিক আঘাত হানিব পৰা কোনো কথাই মানি লোৱা নহয় । কিছুমান লোকে নিজৰ হিতৰ বাবে মন্তব্য কৰে । যি সকল লোকে অসম আন্দোলনৰ লগত জড়িত নাছিল তেওঁলোকৰ বাবে অসম আন্দোলন কি সেয়া অনুভৱ কৰা সহজ নহয়।‌তদুপৰি এনে বহু লোক আছে যি সকল অসম আন্দোলনৰ লগত জড়িত নাছিল কিন্তু এতিয়া বিভিন্ন দল সংগঠনৰ নেতা হিচাপে কৰ্মৰত। অসমৰ ভূমিৰ এয়াই সত্য যে ৰাজ্য খনে ১৯৭১ চনৰ পিছত অহা কোনো অবৈধ বিদেশীৰ বোজা গ্ৰহণ নকৰে । লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই বিধেয়ক খন ঐতিহাসিক অসম আন্দোলনত ৮৫৫ ছহীদৰ বলিদানৰ বিপক্ষে ।

অমিত শ্বাহক সাক্ষাৎ কৰা অসম গন পৰিষদৰ তিনি মন্ত্ৰীৰ ওপৰত প্ৰফুল্ল কুমাৰ মহন্তই কয় যে তেওঁলোকে অমিত শ্বাহৰ লগত কৰা আলোচনা সাৰ্বজনীন কৰা এতিয়াও বাকী আছে। লগতে অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ কোন গৈছিল আৰু কি আলোচনা হ'ল এই বিষয়ে একো নাজানে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU stand against CAB, threatens to launch oust-govt movement in Assam

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com