Begin typing your search above and press return to search.

এটিচি বাগিচাৰ মজদুৰ সকলৰ বাবে পকী ঘৰ নিৰ্মানৰ সিদ্ধান্তক মঞ্জুৰী প্ৰদান অসম কেবিনেটৰ

এটিচি বাগিচাৰ মজদুৰ সকলৰ বাবে পকী ঘৰ নিৰ্মানৰ সিদ্ধান্তক মঞ্জুৰী প্ৰদান অসম কেবিনেটৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Feb 2020 7:42 AM GMT

এটিচি বাগিচাৰ মজদুৰ সকলৰ বাবে পকী ঘৰ নিৰ্মানৰ সিদ্ধান্তক মঞ্জুৰী প্ৰদান অসম কেবিনেটৰ । ৰাজ্য কেবিনেট বহুতো ব্যৱস্থা হাতত লৈছে যাৰ দ্বাৰা ৰাজ্যৰ চাহ সম্প্ৰদায়, ভূমিহীন কৃষক, আৰু অন্যান্য লোক সকল অধিক উপকৃত হ'ব ।

বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্ব মন্ত্ৰীসভাত এক বৈঠক অনুষ্ঠিত হয়। চাহ বাগিছাৰ মজদুৰ সকলৰ কল্যানৰ বাবে ৰাজ্যৰ মন্ত্ৰী সভাই পকী ঘৰ নিৰ্মাণৰ বাবে মঞ্জুৰী প্ৰদান কৰে ।‌ইয়াৰ অধীনত অসম টি ক'ৰ্পাৰেছনৰ মজদুৰ সকলক ১.৩০ লাখকৈ টকা প্ৰদান কৰা হব। অন্য চাহ সম্প্ৰদায়ৰ লোক সকলেও এই পকী ঘৰ লাভ কৰিব ।

চাহ বাগিছাৰ যুৱক সকলৰ লাভালাভৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে চাহ বাগিছাৰ ১৫,০০০ যুৱকক তেওঁলোকৰ স্ব কৰ্মসংস্থাপনৰ সুবিধাৰ বাবে ২৫,০০০ কৈ এককালীন সাহাৰ্য প্ৰদান কৰা হব । চাহ বাগিছাৰ যি সকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে সেই সকলক ১০,০০০ কৈ এককালীন জলপানি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব।

ৰাজ্য কেবিনেটে দৰিদ্ৰ আৰু ভূমিহীন কৃষক সকলকলৈ ও বিভিন্ন ব্যৱস্থা হাতত লৈছে। নতুন ভূমি নীতি ২০১৯ ৰ অনুসৰি ভূমিহীন কৃষক সকলক তিনি বিঘাকৈ ভূমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু বুধবাৰে ৰাজ্য কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাজ্যৰ ভূমিহীন কৃষক সকলক লৈ তিনি বিঘাৰ ঠাইত সাত বিঘাকৈ ভূমি প্ৰদান কৰা হব । লগতে ৰাজ্য কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে পি এম এ ৱাই( জি) ৰ অধীনত সৌৰ শক্তি স্থাপনৰ বাবে প্ৰতি পৰিয়াললৈ ২০,০০০ টকা প্ৰদান কৰা হব ।

এই বৈঠকত ৰাজ্য কেবিনেটে লোৱা আন এটা সিদ্ধান্ত অনুসৰি সমাজ কল্যান বিভাগৰ অধীনত ঠিকা ভিত্তিক কাম কৰা ৬২৭ জন‌ পৰ্যবেক্ষক আৰু ১২ জন পৰিসংখ্যা সহায়কক চৰকাৰী নীতি অনুসৰি বেতন তথা অন্যান্য ভাট্টা সমূহ প্ৰদান কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ৰীমা দাসৰ ‘ ভিলেজ ৰ’কষ্টাৰ’ অন্তৰ্ভুক্ত কৰা হ’ল ইংৰাজী পাঠ্যক্ৰমত

ভিডিঅ প্ৰতক্ষ্য কৰক : International Day of Women and Girls in Science observed at Assam Startup the Nest in Guwahati

Next Story
চাকৰি