Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ৰীমা দাসৰ ' ভিলেজ ৰ'কষ্টাৰ' অন্তৰ্ভুক্ত কৰা হ'ল ইংৰাজী পাঠ্যক্ৰমত

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ৰীমা দাসৰ  ভিলেজ ৰকষ্টাৰ অন্তৰ্ভুক্ত কৰা হল ইংৰাজী পাঠ্যক্ৰমত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Feb 2020 6:26 AM GMT

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ৰীমা দাসৰ ' ভিলেজ ৰ'কষ্টাৰ' অন্তৰ্ভুক্ত কৰা হ'ল ইংৰাজী পাঠ্যক্ৰমত । ছবি নিৰ্মাতা ৰীমা দাসৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত' ভিলেজ ৰ'কষ্টাৰ' নামৰ ছবি খনে ২০১৯ চনত অস্কাৰ-২০১৯ ত প্ৰৱেশ কৰিছিল । খ্যাতি সম্পন্ন এই ছবি খন এতিয়া অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ বিদ্যালয়লৰ ইংৰাজী পাঠ্যক্ৰমত ।

ছবি নিৰ্দেশক ৰীমা দাসে কয় যে , " মোৰ দেউতা এজন স্কুল শিক্ষক আছিল, আৰু মোৰ মা' ই এটা প্ৰিন্টিং প্ৰেছ চলাইছিল। মই শিক্ষক হোৱাৰ বাবে প্ৰস্তুতি চলাই আছিলো । আমি এনে এটা পৰিয়ালত আছিলো য'ত শিক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়া হৈছিল। মোৰ সকলো কৰ্তৃত্বতকৈ মোৰ পৰিয়ালে ইয়াক লৈ বহুত গৌৰৱান্বিত। মই ও বহুত সুখী। লগতে সমগ্ৰ ভিলেজ ৰ'কষ্টাৰৰ দলটোৱে ইয়াক লৈ সুখী "।

ৰীমা দাসৰ দ্বাৰা নিৰ্দেশিত ভিলেজ ৰ'কষ্টাৰ ছবিৰ কাহিনী এতিয়া অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত। এই পাঠ্যক্ৰমটোৰ নাম হ'ল ' ধুনুচ গিটাৰ' । সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত 'ধুনুচ গিটাৰ' নামৰ খণ্ডটিয়ে চলচ্চিত্ৰ খনৰ যাত্ৰাৰ লগতে ভিলেজ ৰ'কষ্টাৰৰ কাহিনী বৰ্ণনা কৰিছে ।

২০১৯ চনৰ এপ্ৰিল মাহত ষ্টেট কাউন্সিল অফ এডুকেশ্বন ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং, অসমে ড° মিজো প্ৰভা বৰাৰ নেতৃত্বত নতুন মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰম সমূহৰ বিকাশ কৰে। সমীক্ষা অধ্যাপক ‌পদ্মিনী বৰাই কয় যে তেওঁ অনুভৱ কৰিছিল যে অসমৰ ছাত্ৰ ছাত্ৰীয়ে ৰীমা দাসৰ যাত্ৰা শিকিব পাৰে।

তাৰপিছতেই তেওঁলোকে ‌ছবি খনৰ নিৰ্দেশক ৰীমা দাসক এই সম্পৰ্কে জনাইছিল আৰু তেওঁ মান্তি ও‌ হৈছিল।‌

ষ্টেট কাউন্সিল অফ এডুকেশ্বন ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং, অসমৰ সঞ্চালক ড° নিৰোদা দেৱীৰ সম্পূৰ্ণ সমৰ্থনত মিজো বৈদেৱে চৰকাৰী পদ্ধতি যথাযথ ভাৱে প্ৰয়োগ কৰি ইয়াক কাৰ্যকৰী কৰে আৰু এক ইতিহাস সৃষ্টি কৰে ।

ছবি নিৰ্দেশক ৰীমা দাসে কয় যে , " মই নিজকে ধন্য বোধ কৰিছো যে অসমৰ ল'ৰা ছোৱালীক নতুন বিচাৰ ধাৰাৰ দ্বাৰা অৱগত কৰোৱা হ'ব আৰু মোৰ ছবি নিৰ্মাণ যাত্ৰাৰ এক ভুমুকি দেখিবলৈ সক্ষম হব । মই আশা কৰো যে নতুন প্ৰজন্মই অসমত ছবি নিৰ্মাণ কৰিব ।‌ টৰোন্টো ছবি মহোৎসৱক বহুত ধন্যবাদ যিয়ে ভিলেজ ৰ'কষ্টাৰক প্ৰিমিয়াৰ কৰিছে আৰু আমাক বিশ্বাস কৰিছে " ।

ভিলেজ ৰ'কষ্টাৰত ১০ বছৰীয়া ধুনুৰ যাত্ৰা দেখুওৱা হয়, যিয়ে অসমৰ এখন গ্ৰাম্য অঞ্চলৰ পটভূমিৰ পৰা অহা আৰু এটা নিজা গিটাৰ লোৱাৰ সপোন দেখে। ৰীমা দাসৰ' ভিলেজ ৰ'কষ্টাৰ' আৰু 'বুলবুল কেন সিং' নেটফ্লিক্সত ও প্ৰিমিয়াৰ কৰা হৈছিল।

অন্য খবৰৰ বাবে পঢ়ক : আমি মাদ্ৰাছা, সংস্কৃত টোল সমূহ বন্ধ কৰিম: শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক : International Day of Women and Girls in Science observed at Assam Startup the Nest in Guwahati

Next Story
চাকৰি