Begin typing your search above and press return to search.

আমি মাদ্ৰাছা, সংস্কৃত টোল সমূহ বন্ধ কৰিম: শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আমি মাদ্ৰাছা, সংস্কৃত টোল সমূহ বন্ধ কৰিম: শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Feb 2020 5:21 AM GMT

আমি মাদ্ৰাছা, সংস্কৃত টোল সমূহ বন্ধ কৰিম: শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত বৰ্তমান সময়ত থকা মাদ্ৰাছা, হাই মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যত থকা মাদ্ৰাছা , হাই মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰা হ'ব কিয়নো ৰাজ্য চৰকাৰে ভাৱে যে চৰকাৰৰ ধন ৰাশি ব্যয় কৰি ধৰ্মগ্ৰন্থ শিকোৱাত চৰকাৰৰ অধিকাৰ নাই ।‌

বুধবাৰে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদান কৰে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে মাদ্ৰাছা , হাইমদ্ৰাছা আৰু সংস্কৃত টোল সমূহৰ অনুদান ৰাজ্য চৰকাৰে আগবঢ়াই । যদি আমি এই ধৰণৰ শিক্ষা প্ৰদান অব্যাহত ৰাখো তেন্তে আমি আন ধৰ্মৰ ধৰ্মগ্ৰন্থ সমূহৰো শিক্ষা দিব লাগিব । ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ধৰ্মৰ ওপৰত আধাৰিত শিক্ষানুষ্ঠান সমূহ বন্ধ কৰা হ'ব আৰু এই সমূহক সাধাৰণ হাইস্কুল আৰু হায়াৰ চেকেণ্ডেৰী স্কুললৈ ৰূপান্তৰিত কৰা হ'ব ।

মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সমূহক লৈ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে , " আমি মাদ্ৰাছা আৰু সংস্কৃত টোল সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলক স্বেচ্ছাসেৱী অৱসৰ প্ৰদান কৰিম আৰু তাৰ ভিতৰত তেওঁলোকৰ অৱসৰ গ্ৰহনৰ তাৰিখলৈ তেওঁলোকক ৰাজ্য চৰকাৰে দৰমহা প্ৰদান কৰিব "।‌ তদুপৰি এই ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত অহা চাৰি পাঁচ মাহৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি কোনোৱে ব্যক্তিগত পইচা খৰচ কৰি ধৰ্মীয় শিক্ষা প্ৰদান কৰিব বিচাৰে তেন্তে সেয়া কৰিব পাৰে । তাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাধা প্ৰদান নকৰে ।

ৰাজ্যত চৰকাৰী অনুদান প্ৰাপ্ত ৬৪০ খন মাদ্ৰাছা আৰু হাই মাদ্ৰাছা আছে । লগতে অসম সংস্কৃত বোৰ্ডৰ অধীনত ১০০০ খন সংস্কৃত টোল আছে য'ত ৯৭ খন চৰকাৰী সহায়ক প্ৰাপ্ত ।

অন্য খবৰৰ বাবে পঢ়ক : আৰম্ভ হ’ব জশগননা : অসম চৰকাৰ জনগননা ২০২১ ক‌ লৈ সাজু

ভিডিঅ প্ৰতক্ষ্য কৰক : Samarpan Divas was observed at BJP State Office on Tuesday

Next Story
চাকৰি