আৰম্ভ হ'ব জশগননা : অসম চৰকাৰ জনগননা ২০২১ ক‌ লৈ সাজু

আৰম্ভ হ'ব জশগননা : অসম চৰকাৰ জনগননা ২০২১ ক‌ লৈ সাজু

আৰম্ভ হ'ব জশগননা : অসম চৰকাৰ জনগননা ২০২১ ক‌ লৈ সাজু । ভাৰতৰ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰে সমগ্ৰ ৰাজ্য জুৰি জনগননা ২০২১ কাম কৰাৰ প্ৰস্তুতি চলাইছে । জনগননা ২০২১ ৰ প্ৰথম পৰ্যায়ত ঘৰৰ তালিকাভূক্ত আৰু বাসস্থানৰ জৰীপ চলাব । এই প্ৰক্ৰিয়া ২০২০ চনৰ ২০ এপ্ৰিলৰ পৰা ২০ মে' লৈ চলিব । দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গননা হ'ব । এই পৰ্যায় ২০২১ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ২৮ ফেব্ৰুৱাৰী তাৰিখলৈ চলিব ।

গৃহ মন্ত্ৰালয়ে অসম চৰকাৰক জনোৱা অনুসৰি তথ্য সংগ্ৰহৰ বাবে প্ৰথম বাৰৰ কাৰণে ''মিক্স মোড'' পদ্ধতি গ্ৰহন কৰা হৈছে । য'ত তথ্য সমূহ কাগজ আৰু মোবাইল এপৰ জৰিয়তে সংগ্ৰহ কৰা হ'ব । এই পদ্ধতিয়ে জনগননাৰ ফলাফলৰ ঘোষনাৰ পূৰ্বৰ সময় তথা ব্যয় কিছু পৰিমাণে কমাব । জনগননা সম্বন্ধীয় সমস্ত কাৰ্য পৰিচালনা আৰু নিৰীক্ষণৰ বাবে চেন্ট্ৰেল মনিটৰিং এণ্ড মেনেজমেন্ট চিষ্টেম নামৰ এটা ৱেব প'ৰ্টেল তৈয়াৰ কৰা হৈছে ।‌

জেনেৰেল এডমিনিষ্ট্ৰেছন ডিপাৰ্টমেন্টৰ সূত্ৰই জনোৱা অনুসৰি জনগণনাৰ বাবে ৫০,০০০ তকৈ অধিক চৰকাৰী কৰ্মচাৰী অন্তৰ্ভুক্ত কৰা হ'ব ।‌ৰাজ্যৰ মুখ্য সচিবৰ অনুমোদন লগতে জি এছ ডি‌ বিভাগে ইতিমধ্যে জিলা, মহকুমা, আৰু বিশেষ অঞ্চল সমূহত জনগণনা অধিকাৰী নিযুক্ত কৰা হৈছে ।‌

দিছপুৰে সকলো জিলা উপায়ুক্তক নিৰ্দেশ দিছে যে জনগণনা সম্বন্ধীয় সকলো দিশত তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে।

জি ডি এ কেন্দ্ৰ চৰকাৰ আৰু জিলা স্তৰৰ অধিকাৰী সকলৰ লগত ন্যায়িক পৰিবৰ্তন, প্ৰশিক্ষণ, নিধি, জনগণনা গণনা , আদি সমূহৰ বাবে কাম কৰিব ।

এই সম্পৰ্কে সোমবাৰে এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত জিলা উপায়ুক্তৰ উপস্থিতত এক বৈঠক অনুষ্ঠিত হয়। লগতে এই সভাত উপস্থিত থাকে ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণ, ভাৰতৰ ডিপুটি ৰেজিষ্টাৰ জেনেৰেল এ কে চামল, জি এ ডি আয়ুক্ত আৰু সচিব এম আংগামুঠু , অসমৰ জনগণনা অপাৰেশ্যন নিৰ্দেশক নাৰায়ন কোঁৱৰ বহুতো।

এই সভাত উপস্থিত থাকি ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই কয় যে অধিকাৰী সকল সুনিশ্চিত হ'ব লাগিব যে তথ্য সংগ্ৰহৰ ক্ষেত্ৰত যাতে জনসাধাৰণৰ কোনো হানি নহয় । লগতে জিলা উপায়ুক্ত সকলেও এয়া নিজৰ দিব লাগিব যে গননাৰ সময়ত যাতে কোনো ধৰণৰ ভুল তথ্য সংবাদ মাধ্যমে প্ৰকাশ নকৰে।‌

ইয়াৰ মাজতে আৰ জি আই য়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসম এন পি আৰ নহয় , কিয়নো ইয়াত ইতিমধ্যে এন আৰ চি কৰা হৈছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Swearing in ceremony of State Chief Information Commissioner

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com