Top
Begin typing your search above and press return to search.

৩৬ ঘন্টাৰ পাছত Cafe Coffee Dayৰ স্বত্বাধিকাৰ ভিজি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ

৩৬ ঘন্টাৰ পাছত Cafe Coffee Dayৰ স্বত্বাধিকাৰ ভিজি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2019 11:02 AM GMT

নেত্ৰাবতী নদীৰ পৰা কৰ্নাটকৰ ওচৰত Cafe Coffee Day ৰ মালিক ভিজি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৩৬ ঘন্টাৰ পিছত মাংগালোৰৰ নেত্ৰাবতী নদীৰ ওচৰৰ পৰা সন্ধানহীন হোৱা চি চি ডিৰ মালিক ভিজি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

কৰ্মচাৰীলৈ ক্ষমা পত্ৰ লিখি Cafe Coffee Day (CCD), Inidian Cafe ৰ মালিক সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছিল । এই চাঞ্চ্যলৰ ঘটনাটো সংঘটিত হৈছিল সোমবাৰে নিশা । সোমবাৰে নিশা চি চি ডি ৰ মালিক ভিজি সিদ্ধাৰ্থে নিজৰ চালকক মাংগালোৰৰ দলংত নমাই দিবলৈ কোৱাৰ এক ঘন্টাৰ পাছতে সন্ধানহীন হয় মালিক জন । নেত্ৰাৱতী নদীৰ সমীপৰ পৰা নিখোজ হৈছিল Cafe Coffee Dayৰ স্বত্বাধিকাৰ ভিজি সিদ্ধাৰ্থ সিদ্ধাৰ্থ। তাৰ পাছৰ পৰা আৰক্ষী আৰু ক’ষ্টগাৰ্ডৰ দলে অব্যাহত ৰাখিছিল অনুসন্ধান।৩৬ ঘন্টাৰ পাছত Cafe Coffee Dayৰ স্বত্বাধিকাৰ ভিজি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ| চি চি ডিৰ মালিক ভিজি সিদ্ধাৰ্থে নিজৰ কৰ্মচাৰীলৈ এখন ক্ষমা পত্ৰ লিখি নিজৰ বিফলতাৰ কথা উল্লেখ কৰি গৈছে ।

নেত্ৰাবতী নদীৰ দলংৰ পৰা সন্ধানহীন হোৱাৰ পিছত এই পত্ৰ খনক গুৰুত্ব দিয়া হয় । ভিজি সিদ্ধাৰ্থ সন্ধানহীন হোৱাৰ পিছতে চালকে পৰিয়ালৰ লোকক খবৰ দিয়ে আৰু পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে ।

উল্লেখযোগ্য যে, ভি জি সিদ্ধাৰ্থ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণাৰ জোৱাঁই। পত্ৰ খনত সিদ্ধাৰ্থয়ে লিখিছিল ” মোক বিশ্বাস কৰা সকলক মই নিৰাশ কৰাৰ বাবে মোক ক্ষমা কৰিব । বহু দিন ধৰি নিজৰ লগতে যুঁজি আহিছো কিন্তু আৰু দায়িত্ব গ্ৰহণ কৰিব নোৱাৰোঁ ।” পত্ৰখনত ২৭ জুলাই বুলি তাৰিখটো উল্লেখ কৰা আছিল ।

১৯৯৬ চনত বেংগালুৰুৰ ব্ৰিগেড ৰোডত কেফে কফি ডে’ৰ আৰম্ভণি কৰিছিল সিদ্ধাৰ্থই। প্ৰথমে ইণ্টাৰনেট কেফেৰ সৈতে কফিৰ ব্যৱসায় আৰম্ভ কৰিছিল সিদ্ধাৰ্থই। পিছত কাফে কফি ডে’ই নিজৰ ব্যৱসায় দেশজুৰি সম্প্ৰসাৰৰ কৰিবলৈ সক্ষম হৈছিল । প্ৰথম ৫ বছৰত কিছুসংখ্যক কেফে খোলাৰ পিছত আজি Cafe Coffee Day দেশৰ ভিতৰতে জনপ্ৰিয় আৰু সৰ্ববৃহৎ কফিৰ খুচুৰা ব্যৱসায় হিচাপে পৰিগণিত হৈছে। বৰ্তমান দেশৰ ২৪৭খন চহৰত Cafe Coffee Dayৰ ১,৭৫৮খন কেফে আছে।

অধিক খবৰৰ বাবে পঢ়ক: বিফলতাৰ কথা পত্ৰত উল্লেখ কৰি সন্ধানহীন Cafe Coffee Day মালিক ভিজি সিদ্ধাৰ্থ

Next Story