Begin typing your search above and press return to search.

স্বদেশী মুছলমানসকলৰ জনসংখ্যাৰ গণনা সন্দৰ্ভত প্ৰতিক্ৰিয়া

স্বদেশী মুছলমানসকলৰ জনসংখ্যাৰ গণনা সন্দৰ্ভত প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Sep 2019 4:36 AM GMT

অসমৰ স্বদেশী মুছলমান সকলৰ জনগণনা কাৰণে ধন আৱন্টিত কৰাৰ পিছতো ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বহু লোকৰ নাম সন্নিবিষ্ট ন’হল। সোমবাৰে দ্য চেন্টিনেলৰ লগত হোৱা সাক্ষাৎকাৰত সদৌ অসম গৰিয়া মৰিয়া পৰিষদৰ সভাপতি হফীজুল আহমদে কয় যে ৰাজ্য চৰকাৰে স্বদেশী মুছলমানসকলৰ বিকাশৰ কাৰণে ২০১৯-২০ চনত ১০০ কোটি টকা আৱন্টিত কৰিছিল।

কিন্তু এতিয়াও স্বদেশী মুছলমান সকলৰ বিকাশৰ কাৰণে কোনো আঁছনি তৈয়াৰ হোৱা নাই। যদি ৰাজ্য চৰকাৰে পুনৰ মুছলমান সকলৰ জনগণনা কৰিলেহেতেন। তেতিয়া এক বৃহৎ সংখ্যক স্বদেশী মুছলমান চূড়ান্ত এনআৰচিত অন্তৰ্ভূক্ত হ’বলৈ অযোগ্য হিছাপে নিৰ্বাচিত নহল হেতেঁন।এই সন্দৰ্ভত আহমদে কয় যে আমি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত মত বিনিময় কৰিছো ৷ তেওঁ ডিচেম্বৰৰ প্ৰাকমূহুৰ্তত সকলো স্বদেশীলোকৰ জনগণনা আৰম্ভ কৰাৰ কাৰণে আশ্বাস দিয়ে ।

অসমৰ সংখ্যালঘূ পৰিষদে উজনি অসমৰ পৰা জনসংখ্যাৰ গণনা আৰম্ভ কৰিবৰ কাৰণে প্ৰস্তাৱ দিছিল ৷এই বিষয়টোৰ সন্দৰ্ভত প্ৰশ্ন কৰাত বৰ্ডৰ এক বিশেষ সূত্ৰই কয় যে ২০১৭-১৮ চনত ৰাজ্যত স্বদেশী মুছলমানসকলৰ জনসংখ্যাৰ গণনাৰ কাৰণে ৬০ লাখ টকা মঞ্জুৰী দিয়া হৈছিল ৷২০১৯-২০ বৰ্ষৰ বাজেটত ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে স্বদেশী মুছলমানসকলৰ সামাজিক আৰু আৰ্থিক বিশ্লেষণ কৰিব। লগতে তেওঁলোকৰ বিকাশৰ কাৰণে ১০০ কোটি টকা আৱন্টিত কৰাৰ কথা ঘোষণা কৰে ।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ইংগিত দিয়ে যে চূড়ান্ত এনআৰচিত অবৈধ নাগৰিক সকলে নাম অন্তৰ্ভূক্তিৰ কাৰণে আবেদন কৰা নাই। পৰিষদে ৰাজ্য চৰকাৰক অবৈধ লোকসকলক স্থানান্তৰিত কৰিবৰ কাৰণে আৰু তেওঁলোকক সহায় কৰিবৰ কাৰণে দাবী কৰিছে। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ হৈছে অসমৰ স্বদেশী মুছলমানৰ এটা সংগঠন।

অন্য খবৰৰ বাবে পঢ়ক: সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এনআৰচিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:NEDA Convener Himanta Biswa Sarma addresses Media | The Sentinel News | Assam News

Next Story
চাকৰি