প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ বাসগৃহত চি বি আইৰ দল

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ বাসগৃহত চি বি আইৰ দল

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ দিল্লীৰ বাসভৱনত মংগলবাৰে উপস্থিত হৈছে চি বি আইৰ এটি দল ৷ উল্লেখ্য যে দিল্লীৰ উচ্চ ন্যায়ালয়ে আই এন মিডিয়া কেলেংকাৰী গোচৰত আগতীয়া জামিন নাকচ কৰিছিল পি চিদাম্বৰমৰ ৷ ইফালে চি আই ডি আৰু আইন বলৱৎকাৰী সঞ্চালকালয়ৰ অৰ্থাৎ ইডিৰ এটি বিষয়াৰ দল প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ আৱাসত উপস্থিত হয় যদিও তেওঁক লগ কৰিবলৈ সক্ষম ন’হল ৷

চি বি আইৰ দলটো পি চিদাম্বৰমৰ বাসগৃহত বিয়লি প্ৰায় ৬.৩০ ত উপস্থিত হয়। যদি সেই সময়ত প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকী ঘৰত উপস্থিত নথকাৰ বাবেই ১০ মিনিট পিছতেই চি বি আইৰ দলটো চিদাম্বৰমৰ ঘৰৰ পৰা উভতি যায়। ইয়াৰ পিছত আইন বলৱৎকাৰী সঞ্চালকালয়ৰ দলটো বিয়লি ৭.৩০ ত কংগ্ৰেছৰ জেষ্ঠ্য নেতা গৰাকীৰ ঘৰত উপস্থিত হয় ৷

আনহাতে আইন বলৱৎকাৰী সঞ্চালকালয়ৰ দলটো উপস্থিত হোৱা প্ৰাকমুহুৰ্তত দিল্লী উচ্চ ন্যায়ালয়ে চিদাম্বৰমৰ জামিন আৱেদন খাৰিজ কৰিছিল। ইফালে চিদাম্বৰমে গ্ৰেপ্তাৰৰ ভয়ত তৎকালীন সুৰক্ষা বিছাৰিছে ৷চি বি আইয়ে প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক আই এন এক্স মিডিয়া গোচৰত তদন্ত কৰিছে। ড° মনমোহন সিঙৰ চৰকাৰৰ কাৰ্যকালত পি চিদাম্বৰম কেন্দ্ৰীয় বিত্তমন্ত্ৰী হৈ থাকোঁতে আই এন এক্স মিডিয়া বিক্ৰীৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰিছিল। যাৰ কাৰণে সম্প্ৰতি তদন্তৰ আওতাত বন্দী হৈ পৰিছে পি চিদাম্বৰম ৷গতিকে সম্প্ৰতি পি চিদাম্বৰমৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

চি বি আই বিশেষে আদালতে প্ৰাক্তন INX মেডিয়াৰ পৰিচালিকা ইন্দ্ৰানী মুখাৰ্জীক INX মেডিয়াৰ গোচৰত ৰাজসাক্ষী হবলৈ অনুমতি প্ৰদান কৰে। এই মেডিয়াৰ গোচৰত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ আৰু সাংসদ কাৰ্টি চিদাম্বৰম জৰিত হৈ আছে।

চি বি আইৰ বিচাৰক অৰুন ভৰদ্বাজে ইন্দ্ৰানী মুখাৰ্জীৰ ৰাজসাক্ষী হবলৈ বিচৰা আবেদন গ্ৰহণ কৰি অনুমতি প্ৰদান কৰে। কোৰ্টে লগতে ইন্দ্ৰানী মুখাৰ্জীৰ ক্ষমাৰ আবেদনো অনুমতি প্ৰদান কৰে।

চি বি আইয়ে ২০০৭ চনত এফ আই পি বি ( foreign investment promotion board) য়ে INX মেডিয়াক ৩০৫ কোটি টকা মুকলি কৰি দিয়াৰ পিছত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল । সেই সময়ৰ বিত্ত মন্ত্ৰী আছিল পি চিদাম্বৰম । এনফৰ্চমেন্ট ডিৰেক্টৰেটে ধনৰ অপব্যৱহাৰৰ গোচৰ ৰুজু কৰিছিল ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Man-Elephant Conflict in Majuli, Many residences destroyed

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com