প্ৰসংগঃবান: অতিৰিক্ত পুঁজিৰ ক্ষেত্ৰত বঞ্চিত অসম

প্ৰসংগঃবান: অতিৰিক্ত পুঁজিৰ ক্ষেত্ৰত বঞ্চিত অসম

অসম চৰকাৰক ৰাজ্যৰ বানাক্ৰান্ত অঞ্চলসমূহৰ ক্ষতিপূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো ধৰণৰ পুঁজি লাভ কৰা নাই ৷ ২০১৯-২০ বৰ্ষত ৰাজ্যত বানত ক্ষতি হয় প্ৰায় ৩,৩০৫.৬৭ কোটি টকা ৷ ইফালে কেন্দ্ৰৰ পৰা বান নিৰক্ষণ কাৰী দল ৰাজ্যলৈ আহিছে ৷ আৰু বানৰ পৰ্যালোচনা কৰিছে। চলিত বৰ্ষত ইন্টাৰ মিনিষ্ট্ৰিয়েল চেন্ট্ৰেল টীমৰ নেতা অজয় গোয়িংকাৰৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নেতৃত্বত ৰাজ্যলৈ বান নিৰীক্ষণ কৰিবলৈ আহে৷

আইএমচিটি দলটোৱে বৰপেটা,বঙাইগাঁও, ধেমাজী,ডিব্ৰুগড়, গোলাঘাট,যোৰহাট আৰু লক্ষীমপুৰ,মৰিগাঁও আৰু নলবাৰীত বানে বিধ্বস্ত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে ।কাৰণ এইকেইখ ঠাই বানে সম্পূৰ্ণ ৰূপে ক্ষতি গ্ৰস্ত কৰিছিল। ইফালে প্ৰত্যেক বছৰে বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনদীসমূহৰ পানী বৃদ্ধি হৈ লোকসকলৰ জীৱন সম্পত্তি,পথ সকলো ক্ষতি হয়।

বহু লোকৰ জীৱনৰ লগতে পশুধনেও বানপানীত জীৱন দান দিয়ে ।চলিত বৰ্ষত ৩ মে’ৰ পৰা ২ ছেপ্তেম্বৰলৈকে ভূমিস্খলন আৰু বানত ৯৭ জন লোকৰ মৃত্যু হয়৷ ৩৩ খন জিলাত ১৪৩ টা ৰাজহ চক্ৰৰ ৬,৩৩৭ খন গাঁৱৰ ৭৩.০৪ লাখ লোক বানত প্ৰভাৱিত হৈছে। ২৮,১৫২ টা ঘৰ ক্ষতিগ্ৰস্ত হয়৷১২,৬২৫ টা ঘৰ সম্পূৰ্ণ ৰুপে ক্ষতিগ্ৰস্ত হয় ।

১,৪৫,০১৬ টা ঘৰ আংশিক ৰূপত ক্ষতিগ্ৰস্ত হয়। ২৫০ টা জন্তু আৰু ১,৫৫৬ টা মূৰ্গী পানীত উটি যায়। আনহাতে বানত আক্ৰান্ত লোকসকলক সকাহ দিবলৈ ১২,৬২৫ টা শিবিৰ আছিল আৰু ১,২৪২ টা খাদ্য বিতৰণ শিবিৰ স্থাপন কৰা হয়। ৰাজ্য চৰকাৰে আইএমচিটি দলক এক প্ৰতিবেদন অৰ্পণ কৰিছে ৷তাৰ ভিতৰত ২,৭২৩ টা পথ ক্ষতি হৈছে,কালভাৰ্ট ক্ষতি গ্ৰস্ত হয় ৯৩২,স্বাস্থ্যৰ প্ৰতিষ্ঠান ক্ষতি গ্ৰস্ত হয় ৬২৭ টা,পথ চিগি পৰে ৬২১ টা,দলং ক্ষতি হয় ৪৩৭ আদি ৷

২১ টা ক্ষতি হোৱা বিভাগত আৱশ্যকীয় ধনৰ পৰিমাণ হৈছে জল সম্পদ বিভাগৰ ১,৯১২ কোটি,গড়কাপ্তানি বিভাগক ৬৭৭.৪২ কোটি টকা,হাওচিং ২০৫ .৯৩ কোটি,স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগত ৬২.৭০ কোটি আৰু বিদ্যুৎ বিভাগত ৬১.০৭ কোটি ৷ অৱশ্য অসমত কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা ৯০ শতাংশ লাভ কৰিছে ।চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এছডিআৰএফৰ ৫০ শতাংশ অৰ্থাৎ অসম চৰকাৰক ২৫১.৫৫ কোটি টকা দিছে প্ৰদান কৰিছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Mahila Samiti stage Protest Rally in Bongaigaon | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com