Begin typing your search above and press return to search.

প্ৰলয়ংকাৰী বানপানী: বানাক্ৰান্তলৈ ৫ কোটি সাহাৰ্য্য হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰৰ

প্ৰলয়ংকাৰী বানপানী: বানাক্ৰান্তলৈ ৫ কোটি সাহাৰ্য্য হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Aug 2019 10:21 AM GMT

অসমৰ প্ৰলয়ংকাৰী বানে কোঙা কৰিলে ৰাজ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডব কৰিছে যদিও বিভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে বানৰ তাণ্ডব। অসমলৈ বিভিন্ন জনে বান সাহাৰ্য্য আগবঢ়াইছে। মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ হাৰিয়ানা চৰকাৰে ৫ কোটি টকাৰ সাহাৰ্য্য আগবঢ়াইছে ।

বৃহস্পতিবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে মুখ্যমন্ত্ৰী পুঁজিলৈ ৫ কোটি প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে । উত্তৰাখণ্ড চৰকাৰে কেইদিনমানৰ আগতে বানাক্ৰান্তক সাহাৰ্য্যৰ বাবে ৫ কোটি টকা প্ৰদান কৰিছিল ।

https://twitter.com/sarbanandsonwal/status/1157150174398959619

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটাৰযোগে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক এই সাহাৰ্য্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । লগতে তেওঁ প্ৰকাশ কৰে যে, অসমৰ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ সাহাৰ্য্যয়ে যথেষ্ট সহায় কৰিব।

আনহাতে অসমলৈ উত্তৰাখণ্ড চৰকাৰে ৫ কোটি টকাৰ বান সাহাৰ্য্য প্ৰদান কৰিছে । অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ৫ কোটি টকা প্ৰদান কৰিছে উত্তৰাখণ্ড চৰকাৰে । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইটাৰযোগে ধন্যবাদ জ্ঞাপন কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল প্ৰকাশ কৰে , ” অসমৰ বান সাহাৰ্য্য হিচাপে ৫ কোটি আগবঢ়োৱাৰ বাবে ধন্যবাদ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী । “

বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্ছনে বান বিধস্ত অসমলৈ ৫১ লাখ বান সাহাৰ্য্য প্ৰদান কৰিছে। অসম আৰু কেৰেলাক বৰ্তমান সকলোৰে সহায়ৰ প্ৰয়োজন । অসমৰ এনে দুৰ্যোগৰ সময়ত মেগাষ্টাৰ অমিতাভ বচ্ছনে ৫১ লাখ টকাৰ বান সাহাৰ্য্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ।

বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ২ কোটি প্ৰদান কৰিছে ।টুইটাৰযোগে অক্ষয় কুমাৰে প্ৰকাশ কৰে যে, “বৰ্তমান অসমৰ পৰিস্থিতিৰ অতি দুখ লগা । এনে সংকটৰ সময়ত ক্ষতিগ্ৰস্থ সকলো জনসাধাৰণ, বন্যপ্ৰানীক সহায়ৰ প্ৰয়োজন । মই মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰানীৰ উদ্ধাৰৰ বাবে ১ কোটি প্ৰদান কৰিছো । লগতে সকলোকে সাহাৰ্য্য আগবঢ়াবলৈ সকলোকে আহ্বান জনাইছো ।”

অসমৰ জনপ্ৰিয় অভিনেতা যতিন বৰায়ে বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ১ লাখ টকা অনুদান আগবঢ়াইছে ।যতিন বৰায়ে ১ লাখ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত অৰ্পণ কৰে। লগতে জনপ্ৰিয় অভিনেতা জনে অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ সমগ্ৰ দেশবাসীকে আহ্বান জনাই ।ৰিয়ান পৰাগে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ ১ লাখ টকা সাহাৰ্য্য আগবঢ়াইছে । আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা অসম কন্যা , ছবি নিৰ্মাতা ৰিমা দাসে অসমৰ বানাক্ৰান্তক সাহাৰ্য্যৰ বাবে ১ লাখ টকা সাহাৰ্য্য প্ৰদান কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক: তেজপুৰত বানাক্ৰান্ত লোকসকলক সাহায্য বিতৰণ

Next Story
চাকৰি