Begin typing your search above and press return to search.

তেজপুৰত বানাক্ৰান্ত লোকসকলক সাহায্য বিতৰণ

তেজপুৰত বানাক্ৰান্ত লোকসকলক সাহায্য বিতৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2019 9:34 AM GMT

বিগত সময়ত অহা প্ৰলয়ংনকাৰী বানত ৰাজ্যবাসী সৰ্বস্বান্ত হোৱাৰ পিছত তেজপুৰৰ বেচৰকাৰী সংগঠনসমূহে বানাক্ৰান্তসকলক দেওবাৰে তিনকুৰিয়া জাৰনৈ চাপৰি অঞ্চলৰ লোকসকলক সহায় কৰে ৷ তেজপুৰ বিশ্ববিদ্যালয়,জাগৃতি মহিলা সমিতি,প’ল’ফিল্ড বামুনগাঁও মহিলা সমিতি,ডেকাৰগাওঁ গাঁও পঞ্চায়ত, তেজপুৰ জিআইএমটিয়ে বানাক্ৰান্ত সকলৰ মাজত চাউল,দাইল,বিশুদ্ধ খোৱা পানী,বিস্কিট,শাক পাচলি আৰু অন্যান্য সামগ্ৰী সমূহ বিতৰণ কৰে।

ইডুপুৰ ছ’চাইটীৰ ৪২ জনীয় সংসদীয় সমিতিৰ এটি দলে বিহাগুৰি গাঁও পঞ্চায়তৰ জাৰণি চাপৰিত উপস্থিত হয়। আৰু উপস্থিত হৈ বানাক্ৰান্তসকলৰ মাজত চাউল,দাল,আলু ,পিয়াঁজ,চয়াবিন আৰু চাবোন বিতৰণ কৰে। প্ৰায় ৫০০ জন বান প্ৰভাৱিত লোকৰ কাৰণে অ’আৰএছ ,বিশুদ্ধ খোৱা পানী,চেনীটেৰী পেড আৰু মহিলাৰ আভ্যন্তৰীণ বস্ত্ৰ প্ৰদান কৰে ৷

লগতে,তেওঁলোকে মহিলাসকলৰ কাৰণে দিনত খাদ্যৰ ব্যৱস্থাও কৰে। ইয়াৰ উপৰিও তিনিচুকীয়া জিলাতো বানক্ৰান্ত লোকসকলৰ মাজত সাহাৰ্য বিতৰণ কৰে ৷ইয়াৰ ভিতৰত বিস্কুট,চেনীটেৰী পেড আৰু অন্যান্য সামগ্ৰীসমূহ উপলব্ধ আছিল ৷

অসমৰ বিধ্বস্ত বানত সকলো হেৰুৱাইছে বানাক্ৰান্তই ৷সেই সময়তে ডুমডুমাত বান সাহাৰ্য বিতৰণ কৰিছে একাংশ লোকে ৷তিনিচুকীয়া জিলাৰ সদৌ অসম কাৰ্বি সন্মিলনে শুক্ৰবাৰে লাইকা দঢ়িয়া আইচুং গাঁৱৰ বানপীড়িতসকলক মাৰ্ঘেৰিটা,লাইপুলি, বৰবৰুৱা আৰু ডুমডুমা সুন্দৰম কাৰ্বি সন্মিলন আৰু তিনিচুকীয়া মাতৃভূমি কাৰ্বি মঞ্চই বানসাহাৰ্য বিতৰণ কৰে ৷

তেওঁলোক নাৱেৰে বানাক্ৰান্তসকলৰ মাজত উপস্থিত হয় ৷আৰু সভাপতি ড° ৰঞ্জিত দত্ত আৰু সম্পাদক দিগন্ত ভজানীৰ নেতৃত্বত বানসাহাৰ্য বিতৰণ কৰে। বহু অন্য চৰকাৰী বেচৰকাৰী সংগঠনে বান পীড়িতসকলৰ দুখ দুৰ্দশা হ্ৰাস কৰিবৰ কাৰণে বীৰ লাচিত সেনাই বান সাহাৰ্য বিতৰণ কৰে । ডুমডুমা শাখাৰ বীৰ লাচিত সেনাই গাঁৱৰ গাঁওবুঢ়াক বান সাহাৰ্য্য বিতৰণ কৰে ।

ডুমডুমাৰ ৮ নং চুকাৰটিঙৰ বসুন্ধৰা নামৰ এটি সংস্থাৰ সদস্যই প্ৰায় ৮৫ জন বানাকান্ত লোকক বানসাহাৰ্য্য বিতৰণ কৰে ।ইফালে অষ্ট্ৰেলিয়াত থকা অসমীয়া মহিলা মনি চৈয়দে তিনিচুকীয়া জিলাৰ অন্য ছয়গৰাকী মহিলাৰ সৈতে একত্ৰিত হৈ বানাকান্ত লোকসকলক সহায় কৰে। মহিলাসকলে প্ৰায় ১১০ পৰিয়ালক বানসাহাৰ্য প্ৰদান কৰে ৷ আনহাতে বাৰ্হাপজান একাংশ বাইক ৰাইডাৰ্চে দধিয়া,মাহমৰা,পপিতা,কুলী,ৰুমেইন,সাসুতি আৰু টেঙাপানী গাঁৱৰ প্ৰায় ৪৫০০ বানাক্ৰান্ত লোকক বানসাহাৰ্য বিতৰণ কৰে ৷

বানত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য প্ৰায় ৯০ শতাংশ জলমগ্ন হৈ পৰিছে। যাৰ কাৰণে বনৰীয়া জন্তুসমূহে ওখ ঠাইত আশ্ৰয় লৈছে। অৱশ্যে সম্প্ৰতি ৰাষ্ট্ৰীয় অভয়াৰণ্য খনৰ সাম্প্ৰতিক পৰিস্থিতি সম্প্ৰতি সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে ৷ কৰ্মৰত এজন বিষয়াৰ মন্তব্য অনুসৰি বানৰ প্ৰকোপ সম্প্ৰতি হ্ৰাস পাইছে ৷সোমবাৰে পুৱা ১৬২ চেন্টিমিটাৰ জলস্তৰ হ্ৰাস পাইছিল ৷ জীৱ জন্তুসমূহৰ সুৰক্ষাৰ কৰাত বন বিভাগৰ লগতে স্থানীয় জনসাধাৰণে যথেষ্ট সহায় কৰিছে বুলি কয় এগৰাকী বিষয়াই ৷

অধিক খবৰৰ বাবে পঢ়ক: ভয়াবহ গৰাখহনীয়াৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি সংকুচিত হৈ পৰিছে

Next Story
চাকৰি