Begin typing your search above and press return to search.

কেন্দ্ৰীয় চৰকাৰৰ কৃষক সকলৰ কাৰণে এক বিশেষ পদক্ষেপ

কেন্দ্ৰীয় চৰকাৰৰ কৃষক সকলৰ কাৰণে এক বিশেষ পদক্ষেপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 July 2019 8:23 AM GMT

কেন্দ্ৰীয় চৰকাৰৰ কৃষকসকলৰ কাৰণে এক বিশেষ পদক্ষেপ ৷ কেন্দ্ৰীয় চৰকাৰে লোৱা এই আঁচনিখনৰ অনুসৰি কৃষকসকলৰ বাৰ্ষিক আয় হ’ব প্ৰায় ১ লাখ টকা ৷ বৃহস্পতিবাৰে শক্তি মন্ত্ৰী আৰ কে সিঙে লোকসভাৰ প্ৰশ্ন কালত মন্ত্ৰীজনে কয় যে কৃষকসকলে তেওঁলোকৰ ভূমিত সৌৰ পেনেল ব্যৱহাৰ কৰিব আৰু চৰকাৰে তেওঁলোকৰ পৰা বিদ্যুত ক্ৰয় কৰিব ৷ যিসকল কৃষকৰ লগত পুঁজি নাই তেওঁলোকে সৌৰ পেনেল স্থাপন কৰিবৰ কাৰণে ভূমি পাট্টা দিব পাৰে।

আৰু কৃষকসকলে চৰকাৰৰ এই আঁচনিৰ জৰিয়তে প্ৰতি ইউনিটত ৩০-৩৫ পইচাকৈ লাভ কৰিব ৷ ইফালে আঁচনিখন ৩০-৩৫ দিনৰ ভিতৰতে মুকলি হ’ব ৷লগতে মন্ত্ৰী জনে কয় যে এই আঁচনি খনৰ জৰিয়তে ২০২২ চনলৈকে কৃষকসকলৰ আয় দুগুন বৃদ্ধি হ’ব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে বিহাৰৰ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ চৰকাৰক বিহাৰত সৌৰ পাৰ্ক স্থাপনৰ কাৰণে আহ্বান কৰি আহিছে যদিও চৰকাৰৰ পৰা কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই।

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে এনে ধৰণৰ পাৰ্ক নিৰ্মাণ কৰিবলৈ বিহাৰত বহু ভূমি আছে ৷বিহাৰত বিদ্যুৰ আৱশ্যক ৷ বিহাৰত বিদ্যুতৰ পৰিমাণ সীমিত ৷ গতিকে চৰকাৰৰ এই আঁচনিৰ জৰিয়তে কৃষকসকল যে উপকৃত হ’ব সেয়া নিশ্চিত হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যত কৃষি ব্যৱস্থাৰ অগ্ৰগতিত প্ৰতিক্ৰিয়া কৃষকসকলৰ

Next Story
চাকৰি