Begin typing your search above and press return to search.

দেশজোৰা ল’ক-ডাউনঃ ৮০কোটি লোকলৈ তিনি টকা দৰত চাউল কেন্দ্ৰৰ

দেশজোৰা ল’ক-ডাউনঃ ৮০কোটি লোকলৈ তিনি টকা দৰত চাউল কেন্দ্ৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2020 11:20 AM GMT

দেশজোৰা ল’ক-ডাউনঃ ৮০কোটি লোকলৈ তিনি টকা দৰত চাউল কেন্দ্ৰৰ

ক’ৰ’না মহামাৰীৰ প্ৰকোপ ৰোধৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা দেশজোৰা তলা-বন্ধৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ লোকক খাদ্য-সামগ্ৰী যোগানৰ বাবে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ সমগ্ৰ দেশৰ ৮০কোটি দৰিদ্ৰ লোকক প্ৰতি কিলোগ্ৰাম চাউল ৩ টকা দামত যোগানৰ আঁচনি লৈছে কেন্দ্ৰই ৷ ইয়াৰ বাবদ কেন্দ্ৰই ব্যয় কৰিব ১লাখ ৮৯হেজাৰ কোটি টকা ।আজি প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে এই আঁচনিত অনুমোদন জনায় ৷ এই আঁচনি বিশ্বৰ বৃহত্তম আচনিৰূপে পৰিগণিত হৈছে ৷ কেবিনেটৰ অনুমোদনৰ পাছত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে নিশা ল’ক-ডাউন ঘোষণা কৰাৰ পাছত দৰিদ্ৰ আৰু নিম্ন আয়ৰ লোকলৈ সাহায্য দেশজোৰা প্ৰবল দাবী উত্থাপিত হয় ৷ সম্প্ৰতি চৰকাৰে এই আঁচনি ঘোষণা কৰাত স্বস্থিৰ নিশ্বাস পেলাইছে ৷ ইপিনে, একাংশ অসাধু ব্যৱসায়ীয়ে জনতাৰ অসহায় অৱস্থাৰ সুযোগ বুজি অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি ঘটোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ লক্ষ্যণীয় যে সমগ্ৰ বিশ্বজুৰি ক’ৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশজুৰি ঘোষণা কৰে লক-ডাউন। মঙলবাৰে নিশা তেওঁ দেশবাসীক উদ্দেশি ক’ৰ’না মহামাৰীক লৈ দ্বিতীয়বাৰৰ বাবে বক্তব্য আগবঢ়ায়। এই ভাষণৰ সময়ত তেওঁ অহা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশব্যাপি তলাবন্ধ ঘোষণা কৰে। এই সময়ছোৱাত জৰুৰী সেৱাৰ কৰ্মীসকলৰ বাহিৰে আন লোকক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাই তেওঁ কয়, “ মই হাত যোৰ কৰি আপোনালোকক অনুৰোধ জনাইছো আপোনালোক এই ২১ দিনৰ বাবে ঘৰৰ পৰা নোলাব’।এই দীৰ্ঘদিনজোৰা তলাবন্ধৰ ফলত দেশ ক্ষতিৰ সন্মুখীন হ’ব যদিও জনতাৰ প্ৰাণৰক্ষা বাবে এনে কাৰ্যসূচী ঘোষণাৰ গত্যন্তৰ নাই বুলি ভাষণত মোদীয়ে ইংগিত দিয়ে।

উল্লেখ্য যে ভাৰতত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা সম্প্ৰতি ৫০০ জনতকৈও অধিক হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে এই দেশজোৰা তলা বন্ধ কাৰ্যসূচী ঘোষণা কৰে।

ভাষণত তেওঁ দেশবাসীক আতংকিত নহ'বলৈও আহ্বান জনায় । অৱশ্যে এই তলাবন্ধৰ সময়ছোৱাত জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাসমূহ বন্ধ নহয়। খাদ্য-সামগ্ৰীৰ দোকান, পেট্ৰল পাম্প আদি খোলা থাকিব।

।আনহাতে, এই নিষেধাজ্ঞা পালন নকৰিলে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে মোদীয়ে।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ লক-ডাউন পালন কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities

Next Story
চাকৰি