Begin typing your search above and press return to search.

শীঘ্ৰেই মুকলি কৰা হব অসমৰ নগাঁও আৰু কাছাৰৰ কাগজ কল

শীঘ্ৰেই মুকলি কৰা হব অসমৰ নগাঁও আৰু কাছাৰৰ কাগজ কল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jun 2019 8:36 AM GMT

অসমৰ দুটা কাগজ কল শীঘ্ৰেই মুকলি কৰা হব। অসমৰ জাগীৰোড আৰু পঞ্চগ্ৰামৰ দুটা কাগজ কল পুনৰ কাৰ্যক্ষম কৰা হব । কাগজ কল দুটা বন্ধ হৈ পৰাত কৰ্মচাৰী সকলে দুৰ্বিসহ জীৱন কটাব লগা হৈছিল । কাগজ কল দুটা পুনৰুজ্জীৱন হ'লে সকাহ পাব কৰ্মচাৰী ।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, তেজপুৰৰ সাংসদ পল্লব লোচন দাস , শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয় , লক্ষিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, গুৱাহাটীৰ সাংসদ কুইন ওজা , ডিফুৰ সাংসদ হৰেন সিংবে আৰু অসমৰ পৰিয়াল কল্যাণ মন্ত্ৰী পিজুচ হাজৰিকাক কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ গনপাট চাৱান্তে অসমৰ কাগজ কল দুটা পুনৰুজ্জীৱন কৰিবলৈ ১০০ শতাংশ চেষ্টা কৰিব বুলি প্ৰকাশ কৰে । অসমৰ নতুনকৈ সাংসদ হোৱা প্ৰতিনিধিৰ দলে কেন্দ্ৰীয় মন্ত্ৰীক অসমৰ দুটা কাগজ কল পুনৰুজ্জীৱন কৰিবলৈ আহ্বান জনাইছিল ।

ৰাজ্যিক বিজেপিৰ সাধাৰণ সভাপতি দিলিপ শইকীয়ায়ে প্ৰকাশ কৰে যে , কেন্দ্ৰীয় মন্ত্ৰীক অসমৰ প্ৰতিনিধিৰ দলে অবগত কৰে যে অসমৰ দুটা কাগজ কলত প্ৰায় ১,২০০ শ্ৰমিক আছে। ইয়াত কাম কৰা এই শ্ৰমিক সকল , কাগজ কল দুটা বন্ধ হৈ পৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল । বিশেষকৈ তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হৈছিল । লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক প্ৰকাশ কৰা হয় যে, কাগজ কল দুটা কাৰ্যক্ষম কোম্পানীলৈ পৰিবৰ্তন কৰাৰ সুযোগ আছে, যদি কাৰ্যক্ষম আধুনিকীকৰণ, উন্নত প্ৰযুক্তিবিদ্যা, আৰু আৰ্থিক পূৰ্ন গঠনৰ সৈতে কাৰ্যকৰী দ্বাৰা পৰিচালিত হব । PPP ( public Private partnerships) ৰ দ্বাৰা পৰিচালিত হব কাগজ কল দুটা ।

লগতে দিলিপ শইকীয়ায়ে প্ৰকাশ কৰে যে, আমি একেলগে কাগজ কল দুটা পুনৰুজ্জীৱনৰ বাবে চেষ্টা অব্যাহত ৰাখিছো । প্ৰয়োজন সাপেক্ষে আমি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰীকো সাক্ষাৎ কৰিব বুলি প্ৰকাশ কৰে।

জাগীৰোড কাগজ কলৰ কাম ২০১৫-১৬ চনৰ পৰা বন্ধ হৈ আছিল । আৰু ২০১৭ চনৰ মাৰ্চ মাহৰ পৰা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে কাগজ কলটো । আনহাতে ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা পঞ্চগ্ৰাম কাগজ কল বন্ধ হৈ পৰে । দুবছৰতকৈও অধিক সময়ত দুটা কাগজ কলৰ কৰ্মচাৰী সকলে দৰমহা লাভ কৰা নাই ।

অধিক খবৰৰ বাবে পঢ়ক:অসমৰ দুটা কাগজ কল পুনৰুজ্জীৱনৰ দাবীত চিপিআই(এম)ৰ কামৰূপ জিলা কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে

Next Story
চাকৰি