Begin typing your search above and press return to search.

অসমৰ বানাক্ৰান্তলৈ এছ ডি আৰ এফ পুঁজিৰ পৰা কেন্দ্ৰৰ ২৫১.৫৫ কোটি টকাৰ ঘোষণাf

অসমৰ বানাক্ৰান্তলৈ এছ ডি আৰ এফ পুঁজিৰ পৰা কেন্দ্ৰৰ ২৫১.৫৫ কোটি টকাৰ ঘোষণাf

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2019 7:15 AM GMT

অসমৰ বানাক্ৰান্তলৈ কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ বৰ্ষৰ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আধাৰত ২৫১.৫৫ কোটি টকা মোকলাই দিছে। সম্প্ৰতি অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বানত সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকসকলৰ কাৰণে চৰকাৰে পথ,গৰাখহনীয়া,পুনৰ সংস্থাপন আদিৰ কাৰণে ধন মোকলাই দিয়ে।

ইফালে অসমত প্ৰলয়ৰ সৃষ্টি কৰা বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ৷ ৰাজ্যত বানে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ পিছত ৰাজ্যৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ কেন্দ্ৰীয় মন্ত্ৰীজনে আকাশ মাৰ্গৰ পৰা ৰাজ্যৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷মন্ত্ৰীজনে অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছত অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তু,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী ভৱেশ কলিতাকে ধৰি চৰকাৰী প্ৰতিনিধি সৈতে পৰ্যালোচনা কৰে।

কেন্দ্ৰীয় মন্ত্ৰীজনক অসমৰ প্ৰতিনিধি বৰ্গই জনায় যে ৩২ খন জিলাৰ ১২৪ টা ৰাজহ চক্ৰৰ ৪৬২০ খন গাঁও বানত আক্ৰান্ত হৈছে ৷ এই পৰ্যন্ত মুঠ ১৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২ জন লোকৰ ভূমিস্খলনত মৃত্যু বৰণ কৰিছে ৷ এতিয়ালৈকে বানত ৪৪.৯৬ লাখ লোক বানত আক্ৰান্ত হৈছে । আনহাতে এছ ডি আৰ এফ আৰু এন ডি এৰ এফে উদ্ধাৰৰ বাবে নাও সাজু ৰাখিছে ৷

উল্লেখ্য যে বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিল ৰূপ ধাৰন কৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগক স্মাৰন পত্ৰ প্ৰদান কৰি অসমলৈ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৭ চনতে অসমত বান খহনীয়া পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে পোষকতা কৰিছিল ৷

তাৰ ভিত্তিত এতিয়া নিটি আয়োগৰ উপাধ্যক্ষ গৰাকীৰ নেতৃত্বত অসমসহ উত্তৰ পূবৰ বান খহনীয়া পৰিস্থিতি মোকাবিলা আৰু স্থায়ী সমাধানৰ বাবে উত্তৰ পূব জল ব্যৱস্থাপনা কৰ্তৃপক্ষ নামৰ এটা সংস্থা গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইফালে বানাক্ৰান্তলৈ আগবঢ়োৱা কেন্দ্ৰৰ পুঁজিৰ পিছতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে। আৰু মন্ত্ৰী ড° শৰ্মাই মন্তব্য কৰে যে এই পুঁজিৰ দ্বাৰা বানাক্ৰান্তলোকসকলক বহুত সহায় কৰিব ৷

অন্য খবৰৰ বাবে পঢ়ক: সাম্প্ৰতিক অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিৰোধী নেতা দেবব্ৰত শইকীয়াৰ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ

Next Story
চাকৰি