কেন্দ্ৰয়ে এমবিবিএচৰ অতিৰিক্ত ১৭৪ খন আসন বৃদ্ধি কৰিব

কেন্দ্ৰয়ে এমবিবিএচৰ অতিৰিক্ত ১৭৪ খন আসন বৃদ্ধি কৰিব

দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰী সকলৰ চিকিৎসক হোৱাৰ আশা পূৰণৰ বাবে কেন্দ্ৰয়ে এমবিবিএচ ৰ আসনৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ ৬ খন মেডিকেল কলেজত ই ডব্লিউ এচ (Economically weaker section ) কোটাৰ অধিনত অতিৰিক্ত ১৭৪ আসন বৃদ্ধি কৰিব । শুকুৰবাৰে মেডিকেল কাউঞ্চিল অব ইণ্ডিয়া ( MCI) ৰ পৰা প্ৰস্তাৱ লাভ কৰাৰ পাছত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এক জাননী জাৰি কৰিছে আৰু ২০১৯-২০ একাডেমিক বৰ্ষৰ মতে ই ডব্লিউ এচ কোটাৰ অধিনত আসন সমূহ পূৰন কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে। এই পদক্ষেপে ৬ খন মেডিকেল কলেজত ৯০০ টা আসনলৈ বৃদ্ধি কৰিব।

ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে টুইটাৰযোগে প্ৰকাশ কৰে যে, " এই কথা প্ৰকাশ কৰি সুখ অনুভৱ কৰিছো যে , মেডিকেল কাউঞ্চিল অব ইণ্ডিয়ায়ে অতিৰিক্ত ১৭৪ আসন বৃদ্ধি কৰিছে । অসমৰ ৬ খন মেডিকেল কলেজত ই ডব্লিউ এচ ( Economically weaker section) কোটাৰ অধিনত এম বি বি এচৰ আসন বৃদ্ধি কৰিছে । এই পদক্ষেপৰ পিছত মুঠ আসন হবগৈ ৯০০ টা । ধন্যবাদ ডঃ হৰ্ষ বৰ্ধন ।"

কেন্দ্ৰীয় মন্ত্ৰালয়ৰ জাননী অনুসৰি গুৱাহাটী মেডিকেল কলেজত ৪৪ খন আসন বৃদ্ধি কৰা হব । মুঠ আসন হবগৈ ২০০ । আনহাতে অসম মেডিকেল কলেজত ৩০ খন আসন বৃদ্ধি কৰা হব । ডিব্ৰুগড় মেডিকেল কলেজতো ৩০ খন বৃদ্ধি কৰা হব । যত মুঠ আসনৰ সংখ্যা হব ২০০ খন । বৰপেটাৰ ফকৰোদ্দিন আলি আহমেদ মেডিকেল কলেজত ২৫ খন আসন বৃদ্ধি কৰা হব।মুঠ আসনৰ সংখ্যা হব ১২৫ খন ।

যোৰহাট মেডিকেল কলেজ আৰু হস্পিতালত ২৫ খন আসন বৃদ্ধি কৰা হব । মুঠ আসন হবগৈ ১২৫ খন । শিলচৰ মেডিকেল কলেজত ২৫ খন আসন বৃদ্ধি কৰা হব , মুঠ সংখ্যা হবগৈ ১২৫ খন । তেজপুৰ মেডিকেল কলেজ আৰু হস্পিতালত ২৫ খন আসন বৃদ্ধি কৰা হব , মুঠ আসন হবগৈ ১২৫ খন ।

" বহুতো দৰিদ্ৰ শ্ৰেণীৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ চিকিৎসক হোৱাৰ সপোন থাকে শৈশৱৰ পৰায়ে । অতিৰিক্ত ১৭৪ আসনে এই ছাত্ৰ ছাত্ৰী সকলৰ সপোন পূৰ কৰিব " বুলি প্ৰকাশ কৰে জি এম চি এইচৰ প্ৰাক্তন অধ্যক্ষয়ে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com