চিকিৎসকসকলক সমাজে এক বিশেষ স্থানত ৰাখেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

চিকিৎসকসকলক সমাজে এক বিশেষ স্থানত ৰাখেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

চিকিৎসা সেৱা মহান সেৱা ৷ সমাজে চিকিৎসকসকলক বিশেষ স্থান দিয়ে ৷এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। চিকিৎসক সকলে জনসাধাৰণৰ আশাক বাস্তৱৰূপ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে ৷ বুধবাৰে জি এম চি এইচৰ সভাঘৰত শ্ৰীমন্ত শংকদেৱ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত এই মন্তব্য কৰে সোনোৱালে।

লগতে ৰাজ্যৰ স্বাস্থ্য সেৱাৰ সাৰ্বজনিক বিকাশৰ কাৰণে চৰকাৰে পদক্ষেপ লোৱাৰ কথাও উল্লেখ কৰে সৰ্বানন্দ সোনোৱালে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনক বাস্তৱ ৰূপ দিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ হাতত লৈছে। ইফালে চিকিৎসকসকলে গাঁও অঞ্চলত প্ৰদান কৰা সেৱাৰ প্ৰসংগ উত্থাপন কৰি সোনোৱালে কয় যে গাঁও অঞ্চলৰ লোকসকলৰ মাজত নতুন প্ৰজন্মৰ চিকিৎসকসকলে কাম কৰাৰ কাৰণে আগবাঢ়ি যাব লাগে,যাতে গাঁৱৰ লোকসকলে উপযুক্ত সেৱাৰ লাভ কৰিব পাৰে ৷

অন্যহাতে এই অনুষ্ঠানটোত দিল্লীৰ অখিল ভাৰতীয় আয়ুবিদ্যা প্ৰতিষ্ঠানৰ নিৰ্দেশক ড° ৰণদ্বীপ গুলেৰিয়ালো উপস্থিত আছিল ৷ ড° গুলেৰিয়াই কয় যে এখন দেশ নিৰ্মাণ তথা বিকাশত চিকিৎসকসকলৰ গুৰুত্ব পূৰ্ণ ভূমিকা থাকে ৷ কাৰণ প্ৰসুতিসকলৰ প্ৰসৱৰ সময়ত চিকিৎসক সকলে কঠোৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি শুশ্ৰুষা প্ৰদান কৰে ৷ কনভোকেশ্যনত উপস্থিত থকা সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে ড° ৰণদ্বীপ গুলাৰিয়াই ৷ আৰু এই সময়খিনিক অভিভাৱক আৰু শিক্ষকসকলৰ কাৰণে অতিশয় গৌৰৱৰ মুহুৰ্ত বুলি অভিহিত কৰে ৷

লগতে, কয় যে সমাজৰ প্ৰতি চিকিৎসকসকলৰ দায়িত্ব আছে। ইফালে এই অনুষ্ঠানতে বিত্ত স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত মেডিকেল কলেজৰ আসন ৩৯১ ৰ পৰা বৃদ্ধি কৰি ৭২৬ কৰা হৈছে ৷ আৰু অনতিপলমে আসনৰ সংখ্যা বৃদ্ধি কৰি ১০০০ খন কৰা হ’ব ৷ ৰাজ্য চৰকাৰে বায়’মেডিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে দীক্ষান্ত অথবা কনভ’কেশ্যন সমাৰোহৰত ১০০০ ৰ অধিক অতিথি,ছাত্ৰ ছাত্ৰী,অভিভাৱক,প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য লোকসকল উপস্থিত আছিল ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই সমাৰোহত শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ডিগ্ৰী আৰু ডিপ্ল’মাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷আৰু চিকিৎসা সেৱা আজীৱন দিয়া সেৱাৰ কাৰণে বিশেষ পুৰস্কাৰেৰে সন্মানিত কৰে ।

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে মই পশ্চিম বংগত চিকিৎসকৰ লগত হোৱা বৰ্বৰ অত্যাচাৰক গৰিহনা দিছো ৷ লগতে চিকিৎসকসকলৰ সৈতে ভ্ৰাতৃত্ব বোধৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ সকলোকে আহ্বান কৰে ৷ স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই সোমবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী সামৰণিত সাংবাদিকৰ লগত হোৱা মত বিনিময়ত এই মন্তব্য প্ৰকাশ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com