Begin typing your search above and press return to search.

উত্তৰ পূবত স্থাপন নতুন মেডিকেল কলেজঃ কেন্দ্ৰই ব্যয় কৰিব ৯০ শতাংশ

উত্তৰ পূবত স্থাপন নতুন মেডিকেল কলেজঃ কেন্দ্ৰই ব্যয় কৰিব ৯০ শতাংশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2019 8:56 AM GMT

উত্তৰ পূবত নতুন মেডিকেল কলেজ স্থাপন কৰিবৰ কাৰণে আৱশ্যকীয় ধনৰ ক্ষেত্ৰত কেন্দ্ৰই ৯০ শতাংশ বহন কৰিব ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰ্যালয়ৰ জিলা চিকিৎসালয়ৰ লগত সম্পৰ্কিত চিকিৎসালয়ৰ স্থাপন কৰাৰ কাৰণে লোৱা আঁচনিৰ অধীনত, মেডিকেল কলেজ স্থাপন কৰা হ’ব ৷

ইফালে ৰাজ্যৰ অন্যান্য ৰাজ্যসমূহৰ ক্ষেত্ৰত কেন্দ্ৰই নতুন মেডিকল কলেজ মুকলি কৰাৰ কাৰণে ৬০ শতাংশ ধন বহন কৰিব ৷ৰাজ্যৰ স্থাস্থ্য বিভাগৰ এজন বিষয়াৰ মন্তব্য অনুসৰি ৰাজ্যত এই আঁচনিখন বাস্তৱায়িত কৰিবৰ কাৰণে ৪০ শতাংশ ধন ব্যয় কৰিব লাগিব ৷কিন্তু উত্তৰ পূবৰ ৰাজ্যৰ ক্ষেত্ৰত নতুন মেডিকেল কলেজ স্থাপন কৰিবৰ কাৰণে ফাণ্ডিং পেটাৰ্ণ হ’ব ৯০:১০ ৷

সম্প্ৰতি অসমৰ গুৱাহাটী,ডিব্ৰুগড়, শিলচৰ,যোৰহাট, তেজপুৰ আৰু বৰপেটাত ছখন মেডিকেল কলেজ আছে ৷ ইয়াৰ বিপৰীতে ধুবুৰী,লক্ষীমপুৰ,নগাঁও আৰু ডিফুত এতিয়াও নিৰ্মাণ হ’ব ৷ এই মেডিকেল কলেজ নিৰ্মাণ হ’ব ২০২০ আৰু ২০২১ চনৰ পৰা ৷ আৰু এই মেডিকেল কলেজ কেইখন এবাৰ আৰম্ভ হ’লেই ৰাজ্যত মুঠ মেডিকেল কলেজৰ সংখ্যা হ’বগৈ ১৩ খন ৷

ৰাজ্য চৰকাৰে নলবাৰী,কোকৰাঝাৰ আৰু তিনিচুকীয়াত তিনিখন আৰু নতুন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিছে ৷ উত্তৰ পূবৰ অসমত সকলোতকৈ অধিক মেডিকেল কলেজ আছে ৷গুৱাহাটী মেডিকেল কলেজৰ এগৰাকী প্ৰাক্তন চিকিৎসক ড° এ হুছেইনে কয় যে সম্প্ৰতি ৰাজ্যত আৰু অধিক চিকিৎসক আৰু মেডিকেল কলেজ স্থাপনৰ সময় আহি পৰিছে ৷

দ্বিতীয়তে ৰাজ্যৰ মেডিকেল কলেজসমূহত এম বিএছ ছাত্ৰই নিট আৰু পীজিৰ ব্যৱস্থা আঁতৰোৱাৰ সিদ্ধান্তক আদৰি লয় ৷এম বিএচ ছাত্ৰ দেৱজিৎ শৰ্মাই কয় যে নিট আৰু পিজিৰ বিপৰীতে এম বি বি এচ পৰীক্ষাটোৱেই এম ডি আৰু এম এচৰ কাৰণে বেছি সহায়কাৰী হ’ব৷

নতুন বছৰৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে অসমত নতুনকৈ তিনিখন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হৈছিল । নলবাৰী, কোকৰাঝাৰ আৰু তিনিচুকীয়াত স্থাপন হব এইকেইখন মেডিকেল কলেজ।নতুন বছৰৰ প্ৰাকক্ষণতে এক সুখবৰ দিছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।২০১৯ বৰ্ষৰ জানুৱাৰীৰ ৬ তাৰিখে নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কোকৰাঝাৰত। প্ৰায় ৩৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব এই চিকিৎসা মহাবিদ্যালয়খন।

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ বাবদ খৰছ কৰা হব প্ৰায় ৩৯৮ কোটি। আনহাতে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ বাবদ অসম চৰকাৰে খৰছ কৰিব প্ৰায় ৪০৪ কোটি টকা।লক্ষীমপুৰ, ডিফু, নগাঁও আৰু ধুবুৰী এই চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ কামো সম্পূৰ্ণ হোৱাৰ পথত বুলি সংবাদমেলত উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে আৰু এবছৰৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৫০ খন আই চি ইউ ৰ আসনৰ কামো সম্পূৰ্ণ হব।

অধিক খবৰৰ বাবে পঢ়ক : গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পাতালৰ মানসিক ৰোগীৰ বিভাগটো সুৰক্ষিত নে?

Next Story
চাকৰি