Begin typing your search above and press return to search.

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য কেন্দ্ৰই অনুচ্ছেদ ৩৭১ক লৈ কোনো পদক্ষেপ নলয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য কেন্দ্ৰই অনুচ্ছেদ ৩৭১ক লৈ কোনো পদক্ষেপ নলয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Sep 2019 4:30 AM GMT

সকলো আলোচনাৰ অন্ত পেলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস প্ৰদান কৰে যে কেন্দ্ৰই উত্তৰ পূবক বিশেষত্ব প্ৰদান কৰা ৩৭১ অনুচ্ছেদক বাস্তৱায়িত নকৰে। দেওবাৰে দুপৰীয়া অসম প্ৰসাসনিক মহাবিদ্যালয়ত উত্তৰ পূব পৰিষদৰ ৬৮ সংখ্যক অনুষ্ঠানতক অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে অনুচ্ছেদ ৩৭০ স্পষ্ট ৰূপত অস্থায়ী আছিল ৷

কিন্তু ৩৭০ অনুচ্ছেদৰ পৰা ৩৭১ সম্পূৰ্ণ পৃথক ৷জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদক প্ৰত্যাহাৰ কৰাৰ পিছত উত্তৰ পূবৰ লোকসকলৰ মাজত বিয়পি পৰিছিল যে অনুচ্ছেদ ৩৭১ৰ কেন্দ্ৰৰ পৰা বাতিল কৰা হ’ব। মই সংসদত ইয়াৰ বিষয়ে স্পষ্ট ৰূপত প্ৰকাশ কৰিছিলো যে এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয়। মই আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতত পুনৰ কৈছো যে প্ৰধানমন্ত্ৰী আৰু বিজেপি চৰকাৰে অনুচ্ছেদ ৩৭১ ক সন্মান কৰে । আৰু অনুচ্ছেদক কোনো কাৰণতে পৰিৱৰ্তন নকৰে। এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ ।

লগতে কিছুমান লোকে উত্তৰ পূবত শান্তি বিৰাজ কৰাটো নিবিচাৰে বুলিও কয় অমিত শ্বাহে আৰু সেয়েহে সম্প্ৰতি এনে ধৰণৰ খবৰ বিয়পাইছে বুলি মন্তব্য কৰে দেশৰ গৃহ মন্ত্ৰী গৰাকীয়ে ৷ দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ উত্তৰ পূবলৈ অহা অমিত শ্বাহে অনুষ্ঠানটোত স্পষ্ট কৰি দিয়ে যে কোনো কাৰণতে অনুচ্ছেদ ৩৭১ ৰ ক্ষেত্ৰত পদক্ষেপ লোৱা নহয়।

অন্য খবৰৰ বাবে পঢ়ক :৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ:ৰাষ্ট্ৰপতিৰ সন্মতিৰ পাছত জম্বু- কাশ্মীৰৰ বিশেষ মৰ্য্যদা কৰ্তন

ভিডিঅ প্ৰতক্ষ্য কৰক:BTC sericulture adopted Kumguri and Pundibari village “Cleanness Seri- Eco Model Village”

Next Story
চাকৰি