Begin typing your search above and press return to search.

চন্দ্ৰৰ কক্ষপথত চন্দ্ৰযান ২: মহাকাশত ভাৰতৰ এক বৃহৎ সফলতা

চন্দ্ৰৰ কক্ষপথত চন্দ্ৰযান ২: মহাকাশত ভাৰতৰ এক বৃহৎ সফলতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2019 11:55 AM GMT

চন্দযান ২ য়ে আজি পুৱা চন্দ্ৰৰ কক্ষত প্ৰবেশ কৰিলে ৷ ইয়াৰ লগে লগে ভাৰতীয় মহাকাশ অনুসন্ধান সংগঠন অৰ্থাৎ ইছৰো’ৱে এক বৃহৎ সফলতা লাভ কৰিলে । চন্দ্ৰযান২ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত উৎক্ষেপন কেন্দ্ৰৰ পৰা ২২ জুলাইত উৎক্ষেপন কৰা হৈছিল। যদি চন্দ্ৰযান২ ৰ এই যাত্ৰা সফল হয় তেন্তে আমেৰিকা আৰু চীনৰ পিছত ভাৰত চন্দ্ৰলৈ যোৱা চতুৰ্থ দেশ হিছাপে পৰিগণিত হ’ব।

ইফালে প্ৰায় ৩০ দিনৰ পিছত চন্দ্ৰযান২ চন্দ্ৰৰ কক্ষপথত উপস্থিত হয়। চন্দ্ৰযান২ ক চন্দ্ৰৰ কক্ষত স্থাপিত কৰাটো আছিল এক বৃহৎ প্ৰত্যাহ্বান ৷কাৰণ চন্দ্ৰৰ কক্ষত উপস্থিত হ’বলৈ চন্দ্ৰক লাগিব সীমিত গতি । গতিকে এটা সৰু ভুলে এই মিশ্যনটোৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া হ’ব পাৰে। আনহাতে এই অভিযান হৈছে ভাৰতৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অভিযান ৷

ইতিহাস ৰচনা কৰি সোমবাৰে দুপৰীয়া ২.৪৩ বজাত ISRO–এ চন্দ্ৰযান–২ উৎক্ষেপন কৰাৰ পিছত শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা চন্দ্ৰযান–২ মহাকাশ যানখনে ৭ ছেপ্টেম্বৰত অৱতৰণ কৰিব চন্দ্ৰত। টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আমাৰ গৌৰবৰ ইতিহাসত এয়া এটা বিশেষ মূহুৰ্ত্ত। এই প্ৰচেষ্টাই বিজ্ঞানৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰিব ।

ইছৰ’য়ে ইতিহাস ৰচনা কৰি উৎক্ষেপন কৰিলে চন্দ্ৰযান-২।বাহুবলী “ৰ যোগেদি চন্দ্ৰযান-২ সফলতাৰে কক্ষপথত উৎক্ষেপন কৰে । প্ৰায় ১৬ মিনিটৰ পিছত যানখনে প্ৰথমে মহাকাশৰ আৰ্থ পাৰ্কিং কক্ষপথৰে প্ৰবেশ কৰে। অৰবিটাৰৰ ওজন ২,৩৭৯ কিলোগ্ৰাম। ইয়াৰ পৰা যানখনে কক্ষপথৰে চন্দ্ৰলৈ যাত্ৰা কৰিব আৰু প্ৰায় ডেৰ মাহৰ মূৰত চন্দ্ৰৰ কক্ষপথত উপস্থিত হৈ উপগ্ৰহটোৰ পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ ওপৰৰে পৰিভ্ৰমণ কৰিব। ৭ ছেপ্তেম্বৰত যানখনে চন্দ্ৰত অবতৰণ কৰিব ।

উৎক্ষেপণৰ ১৬.২০ মিনিটত বাহুবলী ৰকেটৰ পৰা বিচ্ছিন্ন হ’ব চন্দ্ৰযান–২। চন্দ্ৰযান–২ৰ এই অভিযানত ব্যয় কৰা হৈছে ৯৭৮ কোটি টকা। ২.৪ টন ওজনৰ GSLV Mk III ৰকেটে কঢ়িয়াই নিছে চন্দ্ৰযান ২ মহাকাশ যানখন। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা চন্দ্ৰযান ২–এ চন্দ্ৰত পানীৰ অৱস্থিতি সন্দৰ্ভত পৰীক্ষা–নিৰীক্ষা চলাব। এই অভিযান সফল হ’লে চন্দ্ৰত ৰভাৰ অৱতৰণ কৰোৱা চতুৰ্থখন দেশ হ’ব ভাৰত।

চন্দ্ৰযান-২ খন ১৫ জুলাইৰ ২.৫১ উৎক্ষেপন কৰাৰ কথা আছিল যদিও কিছু কাৰিকৰী বিজুতিৰ বাবে স্থগিত ৰখা হয়। তাৰ পাছত সোমবাৰে ইছৰ’য়ে উৎক্ষেপন কৰে চন্দ্ৰযান-২।

অন্য খবৰৰ বাবে পঢ়ক : চন্দ্ৰযান-২ ৰ সফল উৎক্ষেপনৰ পিছত পাকিস্তানৰ ঘোষণা, ২০২২ ত প্ৰেৰণ কৰিব মহাকাশচাৰী

ভিডিঅ প্ৰতক্ষ্য কৰক:Independence Day celebration in Guwahati | The Sentinel News | Assam News

Next Story
চাকৰি