চন্দ্ৰযান-২ ৰ সফল উৎক্ষেপনৰ পিছত পাকিস্তানৰ ঘোষণা, ২০২২ ত প্ৰেৰণ কৰিব মহাকাশচাৰী

চন্দ্ৰযান-২ ৰ সফল উৎক্ষেপনৰ পিছত পাকিস্তানৰ ঘোষণা, ২০২২ ত প্ৰেৰণ কৰিব মহাকাশচাৰী

ভাৰতে সোমবাৰে সফলতাৰে চন্দ্ৰযান-২ উৎক্ষেপন কৰাৰ পাছতে পাকিস্তানে ঘোষণা কৰিছে ২০২২ ত পাকিস্তানে মহাকাশলৈ প্ৰথম মহাকাশচাৰী প্ৰেৰণ কৰিব। ভাৰতৰ লগতে ফেৰ মিলাই এই ঘোষণা পাকিস্তানৰ ।

২০২২ চনত পাকিস্তানে প্ৰথম মহাকাশলৈ মানুহ প্ৰেৰণ কৰিব বুলি প্ৰকাশ কৰে। ২০২২ চনত চীনৰ উপগ্ৰহ উৎক্ষেপনৰ সুবিধা সমূহ ব্যৱহাৰ কৰি মহাকাশলৈ প্ৰথম মহাকাশচাৰী প্ৰেৰণ কৰিব ।

ভাৰতে সোমবাৰে সফলতাৰে চন্দ্ৰযান-২ উৎক্ষেপন কৰাৰ পিছত পাকিস্তানে প্ৰথম মহাকাশচাৰী প্ৰেৰণৰ কথা প্ৰকাশ কৰে। সোমবাৰে ইছৰ’য়ে ইতিহাস ৰচনা কৰি উৎক্ষেপন কৰিলে চন্দ্ৰযান-২। সোমবাৰে বিয়লি “বাহুবলী “ৰ যোগেদি চন্দ্ৰযান-২ সফলতাৰে কক্ষপথত উৎক্ষেপন কৰে । প্ৰায় ১৬ মিনিটৰ পিছত যানখনে প্ৰথমে মহাকাশৰ আৰ্থ পাৰ্কিং কক্ষপথৰে প্ৰবেশ কৰে। অৰবিটাৰৰ ওজন ২,৩৭৯ কিলোগ্ৰাম। ইয়াৰ পৰা যানখনে কক্ষপথৰে চন্দ্ৰলৈ যাত্ৰা কৰিব আৰু প্ৰায় ডেৰ মাহৰ মূৰত চন্দ্ৰৰ কক্ষপথত উপস্থিত হৈ উপগ্ৰহটোৰ পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ ওপৰৰে পৰিভ্ৰমণ কৰিব। ৭ ছেপ্তেম্বৰত যানখনে চন্দ্ৰত অবতৰণ কৰিব ।

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী ফাৱাদ চৌধৰীয়ে প্ৰকাশ কৰা মতে, পাকিস্তানে প্ৰথম মহাকাশলৈ প্ৰেৰণ কৰিবলৈ মহাকাশচাৰীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হব ।

চৌধুৰীয়ে লগতে প্ৰকাশ কৰে যে, " পাকিস্তানৰ প্ৰথম মহাকাশচাৰীৰ নিৰ্বাচনত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হব । প্ৰথমে ৫০ জন লোকৰ তালিকা (Short listed) কৰা হব । ২৫ ৰ আগত প্ৰকাশ কৰা হব তালিকা খন আৰু ২০২২ চনত প্ৰথম মহাকাশচাৰী প্ৰেৰণ কৰিব। আমাৰ দেশৰ বাবে এক ঐতিহাসিক ক্ষনৰ সাক্ষী হব।"

চৌধুৰীয়ে লগতে প্ৰকাশ কৰে যে, " মহাকাশৰ এই মিছনত পাকিস্তানী বায়ু সেনায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।" " এই পক্ৰিয়াৰ আৰম্ভণিত মহাকাশচাৰীৰ বাবে ৫০ জনক নিৰ্বাচন কৰা হব বুলি প্ৰকাশ কৰে ।পাকিস্তানে ২৫ জুলাইত এই কথা ঘোষণা কৰে। চৌধৰীয়ে লগতে কয় প্ৰথম অবস্থাত ৫০ জনক তালিক (Short listed) প্ৰস্তুত কৰা হব , তাৰ পাছত ২৫ জন আৰু ১০ জনক নিৰ্বাচন কৰা হব । ১০ জন পাইলটক প্ৰশিক্ষণ দিয়া হব আৰু এজন পাইলটক পঠিওৱা হব মহাকাশলৈ বুলি প্ৰকাশ কৰে । ২০১৮ পাকিস্তানে দুটা উপগ্ৰহ উৎক্ষেপন কৰিছিল আৰু LM-2C উৎক্ষেপন কৰিছিল । তাৰে এটা PRSS1 - পৃথিৱী পৰ্যবেক্ষন আৰু অপটিকেল উপগ্ৰহ ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com