Begin typing your search above and press return to search.

মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে:ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আহ্বান

মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে:ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jun 2019 10:52 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দেওবাৰে মাজুলীৰ কমলাবাৰীৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা এক অনুষ্ঠানত উপস্থিত থাকি জিলাখনৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ লগতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত দশম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২২৬ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে অভিনন্দন জনায় ৷এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ কোৱাৰ লগতে ৰাজ্যৰ সৰ্বতো প্ৰকাৰৰ বিকাশত আত্মনিয়োগ কৰিবলৈ আহ্বান কৰে ।

লগতে জীৱনৰ প্ৰত্যেকটো খোজত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহক হেলাঙৰে অতিক্ৰম কৰি, ইতিবাচক মানসিকতাৰে জীৱনত আগবাঢ়ি যাবলৈ নিষ্ঠা আৰু একাগ্ৰতা অৰ্জন কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায় মুখ্যমন্ত্ৰী সোনোৱালে ৷মাজুলীক কলা সংস্কৃতিৰে বৈচিত্ৰ্যপূৰ্ণ এখনি ঠাই বুলি কোৱাৰ লগতে এই কলা সংস্কৃতিসমূহক বিশ্বৰ দৰবাৰত উপস্থাপন কৰিবলৈ আহ্বান কৰে। ইফালে বিজ্ঞান প্ৰযুক্তিবিদ্যাই বিশ্বত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আনিছে বুলি মন্তব্য কৰে সোনোৱালে ৷ নতুন প্ৰজন্মক বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ লগত সংলগ্ন হ’ব লাগিব ৷ লগতে বিজ্ঞান প্ৰযুক্তিৰ সৈতে একত্ৰিত হৈ আগবাঢ়ি গ’লেহে বিকাশৰ পথ প্ৰশস্ত্ৰ হ’ব৷ বৰ্তমানৰ সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিলেহে জীৱন সুন্দৰ হ’ব বুলিও সোনোৱালে কৃতি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি মন্তব্য কৰে।

অন্যহাতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে হোৱা মতবিনিময়ত ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত সফলতা লাভ কৰিবৰ কাৰণে প্ৰচুৰ পৰিমানে অধ্যয়ন তথা অধ্যৱসায় কৰিবলৈ আহ্বান কৰে।ইফালে কৃৰ্তি ছাত্ৰ ছাত্ৰীসকলৰ সম্ভাষণ জনোৱা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামী,বিধায়ক বিমল বৰা, উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰা,মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ অধ্যক্ষ ড° ডম্বৰুধৰ নাথৰ সহিতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল ৷

উল্লেখ্য যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই অনুষ্ঠানত ভাগ লোৱাৰ প্ৰাকমুহুৰ্তত মাজুলীত বাস কৰাৰ অনুসূচিত জাতিৰ সমাৰোহৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোনোৱালে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যৰ অনুসূচিত জাতিৰ লোকসকলৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰাৰ কাৰণে বহু কল্যানকাৰী আঁচনি তৈয়াৰ কৰিছে। লগতে ৰাজ্য চৰকাৰে সতী ৰাধিকাৰ আদৰ্শক জীৱিত কৰি ৰাখিবৰ কাৰণে মাজুলীত এক মেমোৰিয়েল পাৰ্ক নিৰ্মাণ কৰিব ৷

অসমৰ যিসকল প্ৰবাদ পুৰুষ আছে তেওঁলোকে কাম কাজে কৰি গৈছে ৷ যাৰ বাবে একবিংশ শতিকাত শতিকাত আমাৰ সামাজিক,শৈক্ষিক আৰু সাংস্কৃতিক সমাজখন সমন্বয় দিশে আগবাঢ়িছে ৷ ইফালে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে সতী ৰাধিকা স্মৃতি ক্ষেত্ৰৰ নিৰ্মাণৰ কাৰণে অসম চৰকাৰে বিশেষ পূঁজি ধাৰ্য কৰিছে। লগতে মুখ্যমন্ত্ৰী সোনোৱালে মাজুলীৰ প্ৰতিগৰাকী নাগৰিকক আদৰ্শগত পৰিবেশ সৃষ্টি কৰিবলৈ আহ্বান জনায় যাতে প্ৰত্যেকগৰাকী দেশী বিদেশী পৰ্যটক মাজুলীৰ প্ৰতি আকৃষ্ট হ’ব পাৰে। এই অনুষ্ঠানত উপস্থিত আছিল অসম চৰকাৰৰ প্ৰেচ উপদেষ্টা হৃষীকেশ গোস্বামী,বিধায়ক বিমল বৰা,দেৱানন্দ হাজৰিকা, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া,প্ৰাক্তন অধ্যক্ষ সোমনাথ শৰ্মা আদিৰ লগতে অন্যান্য বহু ব্যক্তি ৷

অধিক খবৰৰ বাবে পঢ়ক: মাজুলীৰ ভকত চাপৰি উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Next Story
চাকৰি