ৰাজ্যৰ সামগ্ৰিক বিকাশৰ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

ৰাজ্যৰ সামগ্ৰিক বিকাশৰ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শনিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত হোৱা নিটি আয়োগৰ পঞ্চম কাৰ্যকৰী বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ সামগ্ৰিক বিকাশৰ কাৰণে পদক্ষেপ লোৱাৰ সম্পৰ্কে মন্তব্য কৰে ৷লগতে অসমৰ গৰাখহনীয়া সমস্যাক এছ ডি আৰ এফৰ নিয়মাৱলীত প্ৰাকৃতিক দুৰ্যোগ হিচাপে অন্তৰ্ভুক্ত কৰাৰ দিশত নিটি আয়োগৰ হস্তক্ষেপ বিছাৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা নিটি আয়োগৰ এই বৈঠকখনত মুখ্যমন্ত্ৰী সোনোৱালে নিজৰ ভাষণত প্ৰত্যেক বছৰে ৰাজ্যৰ, এক বৃহত্তৰ অংশত বানপানী আৰু গৰাখহনীয়া সমস্যাই জনসাধাৰণক হাৰাশাস্তিৰ সন্মুখীন কৰোৱাৰ কথা উল্লেখ কৰে ৷ লগতে এনে ধৰণৰ সমস্যাক নিয়ন্ত্ৰিত কৰাৰ কাৰণে আহ্বান কৰে। বান প্ৰতিৰোধ,পুনৰ নিৰ্মাণ,বান সাহাৰ্য্য আৰু পুনৰ সংস্থাপনৰ বাবে অধিক ধনৰাশি আৱন্টনৰ কাৰণেও বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আহ্বান কৰে।

ইফালে ৰাজ্যখনক বানে বিধ্বস্ত কৰা সম্পৰ্কে উল্লেখ কৰাৰ লগতে সোনোৱালে কয় যে ১৯৫২ চনৰ পৰা ১.২৫ লাখ কৃষিজীৱী পৰিয়ালৰ প্ৰায় ৪.২৭ লাখ হেক্টৰ ভূমি বিলুপ্ত কৰিছে। গতিকে নদীৰ গৰাখহনীয়া সমস্যাক এন ডি আৰ এফ তথা এছ ডি আৰ এফৰ নিয়মাৱলীৰ প্ৰাকৃতিক দুৰ্যোগৰ শিতানত অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰে ৷ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উত্তৰ পূৰ্বাঞ্চলৰ জলসম্পদ ব্যৱস্থাপনাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰৰ অধ্যক্ষতা উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৷আৰু ইয়াৰ কাৰ্যকৰী কৰণে ৰাজ্যখনৰ বান আৰু গৰাখহনীয়া সমস্যাৰ ইতিবাচক দিশত আগবাঢ়িব বুলি মন্তব্য কৰে সোনোৱালে ৷

অন্যহাতে মুখ্যমন্ত্ৰী সোনোৱালে উল্লেখ কৰে যে অসমৰ যি সাতখন জিলা উচ্ছাকাংক্ষাৰ দিশত আগবাঢ়িছে,এই জিলা কেইখনৰ বিশেষ উন্নয়ণৰ প্ৰয়োজনীয়তা পূৰণৰ দিশত ৰাজ্যখনে ইতিমধ্যে বহু অগ্ৰগতি লাভ কৰিছে ৷ৰাজ্য চৰকাৰে চলিত বৰ্ষত এই জিলাকেইখনত নতুন আঁচনি গ্ৰহণ কৰাৰ বাবে ৰাজ্যিক বাজেটত ২৮ কোটি টকা উপলব্ধ কৰিছে বুলি কয় সোনোৱালে ৷ লগতে হাইলাকান্দি জিলাই সমগ্ৰ ভাৰতৰ উচ্ছাকাংক্ষা থকা জিলাসমূহৰ ভিতৰত প্ৰথমস্থান লাভ কৰাৰ উপৰিও ইয়াৰ কাৰণে জিলাখনে ১০ কোটি টকাৰে পুৰস্কৃত হয় ৷

উল্লেখ্য যে ৰাজ্যৰ কৃষকসকলৰ প্ৰসংগ উল্লেখ কৰি সোনোৱালে কয় যে ৰাজ্যখনৰ বহু কৃষকৰ ভূমি অধিকাৰৰ প্ৰমাণ পত্ৰ নথকাৰ কাৰণে তেওঁলোক বহু অসুবিধাৰ পৰা বঞ্চিত হৈছে ৷গতিকে ৰাজ্য চৰকাৰে ৰাজ্যৰ ১ লাখ কৃষক পৰিয়াললৈ মাটিৰ পট্টা বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ যি লক্ষ্য স্থিৰ কৰিছে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কৃষিৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ ৰাজ্য চৰকাৰে সূচাৰু ৰূপে চলাই অহাৰ উপৰি ২০১৭ বৰ্ষত ৰাজ্য চৰকাৰে ৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন আঁচনি নামৰ এখন আঁচনি গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে ৰাজ্যৰ ষষ্ঠ্য অনুসূচীৰ অঞ্চলসমূহলৈ বিত্ত আয়োগৰ অনুদান প্ৰদানৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আহ্বান কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com