তামোলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তি

তামোলবাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তি

তামোলবাৰীত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তি ৷ অসমৰ সাহিত্য কলা সংস্কৃতিৰ অন্যতম বৰণ্যে ব্যক্তি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই ১১৭ সংখ্যক জন্ম দিনৰ উপলক্ষে সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত হয় ডিব্ৰুগড়ৰ লাহোৱাল অঞ্চলৰ তামোলবাৰী চাহ বাগিচাত ৷ উপস্থিত হৈ সৰ্বানন্দ সোনোৱালে এই মহান শিল্পীগৰাকীৰ আদৰ্শ আৰু বিশাল কৰ্মৰাজি আৰু তেওঁৰ চিন্তাক স্থায়িত্ব প্ৰদান কৰিবলৈ শুভাৰম্ভ কৰিলে জ্যোতিতীৰ্থ ৷

১৯০৩ চনৰ ১৭ জুনত তামোলবাৰী চাহবাগিচাত জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদ আগৰৱালা আছিল অসমৰ সাহিত্য সংস্কৃতিলৈ বিশেষ অৱদান আগবঢ়োৱা এজন ব্যক্তি। পৰমানন্দ আৰু কিৰণময়ী আগৰৱালাৰ ঘৰত জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদ আগৰৱালাক জয়মতী আৰু ইন্দ্ৰমালতীৰ দৰে অমৰ ছবিৰ কাৰণে জনা যায় ৷

জ্যোতি প্ৰসাদ আগৰৱালা ককা,আজোককাসকল ১৯১১ চনত ৰাজস্থানৰ মাৰৱাৰৰ পৰা আহিছিল বুলি জনা যায় । জ্যোতি প্ৰসাদ আগৰৱালাই শিক্ষা জীৱনৰ এটি সময় চাহ বাগানত কটাইছিল। তেওঁ অসম আৰু কলকাতাৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰে ৷ ১৯২৬ চনত অৰ্থশাস্ত্ৰ অধ্যয়ন কৰিবৰ কাৰণে এডিনবাৰ্গ বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰে ৷ ইয়াৰ পিছত জ্যোতি প্ৰসাদ আগৰৱালাই জাৰ্মানীত ছবি নিৰ্মাণৰ ৭ মাহৰ এটি প্ৰশিক্ষণ লয় ৷ ইয়াৰ পিছত জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰে জয়মতী ৷ যিখন আছিল প্ৰথম অসমীয়া ছবি ৷

জয়মতী ছবিখনে মুক্তি লাভ কৰিছিল ১৯৩৫ চনত। জনসাধাৰণৰ মাজত ৰূপকোঁৱৰ নামেৰে পৰিচিত জ্যোতি প্ৰসাদ আগৰৱালাই প্ৰায় ৩০০ গীত ৰচনা কৰিছিল ৷ অসমীয়া জাতীয় জীৱনৰ পুৰোধা ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয় ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰত ৷ তেখেতৰ গীতসমূহৰ ভিতৰত তোৰে মোৰে আলোকৰে যাত্ৰা,সেউজী সেজজী সেউজী অ’,লুইতৰ পাৰৰে আদি। ইফালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিক ৰাজ্যত শিল্পী দিৱস হিছাপে উদযাপন কৰা হয় ।

অন্যহাতে অসমীয়া ছবিজগতৰ তথা অসমীয়া সাহিত্য সংস্কৃতিৰ মাৰ্গদৰ্শক জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাৰোগত কৰি আগবাঢ়ি যাবলৈ মুখ্যমন্ত্ৰী সোনোৱালে ৰাজ্যবাসীক আহ্বান কৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে জ্যোতি প্ৰসাদ আগৰৱালাৰ অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা নিঃস্বাৰ্থ অৱদানৰ কথাও উল্লেখ কৰে । এই অনুষ্ঠানটোত জ্যোতি প্ৰসাদ আগৰৱালাৰ জীয়ৰী জয়শ্ৰী চলিহাৰ লগতে পৰিয়ালৰ অন্যান্য সদস্য,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়া,শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ড° কন্দৰ্প কুমাৰ ডেকা,ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন,লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা উপস্থিত আছিল ৷

উল্লেখ্য যে সভাৰ আৰম্ভনিতে ভাষণ প্ৰদান কৰি দেৱী প্ৰসাদ বাগড়োদিয়াই জ্যোতিতীৰ্থ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি কয় যে জ্যোতি প্ৰসাদৰ জীৱনবোধ আৰু দৰ্শনৰ আধাৰত জ্যোতিতীৰ্থ গঢ় দিয়া হ’ব ৷জ্যোতিতীৰ্থই জ্যোতিৰ ৰচনাৱলীক যিমানদূৰ পাৰি পাঠকৰ ওচৰত লৈ যাব৷ এই সভাতেই অধ্যাপক নগেন শইকীয়াই স্বাৰস্বত ন্যাস পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু দেৱী প্ৰসাদ বাগড়োদিয়াৰ জ্যোতিপ্ৰসাদ আগৰৱালাঃ এনছেচটৰ্ছ এণ্ড তামোলবাৰী নামৰ ইংৰাজী ভাষাৰ গ্ৰন্থখন মুখ্যমন্ত্ৰী সোনোৱালে আৰু ড° নগেন শইকীয়াৰ ভাৰতীয় ঐতিহ্য নামৰ গ্ৰন্থখন উন্মোচন কৰে জয়শ্ৰী চলিহাই ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com