নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা কোনো ভাৰতীয়ৰ ক্ষতি নহয় : নৰেন্দ্ৰ মোদী

নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা কোনো ভাৰতীয়ৰ ক্ষতি নহয় : নৰেন্দ্ৰ মোদী

নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা কোনো ভাৰতীয়ৰ ক্ষতি নহয় : নৰেন্দ্ৰ মোদী। ৰাজ্যৰ লগতে সমগ্ৰ দেশত বিয়পি পৰিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। তাৰ ওপৰত ভিত্তি কৰিয়েই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দেশবাসীক আশ্বাস প্ৰদান কৰি কয় যে নাগৰিকত্ব সংশোধনী আইন খনে কোনো ধৰ্মৰে ভাৰতীয় লোকক ক্ষতিগ্ৰস্ত নকৰে । এই কথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ টুইটাৰ‌ একাউণ্টৰ জৰিয়তে ব্যক্ত কৰে ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত সংঘটিত হিংসাত্মক কাৰ্যকালাপ অতি দুৰ্ভাগ্য জনক আৰু পীড়াদায়ক । তেওঁ কয় যে বিতৰ্ক , আলোচনা, মতান্তৰ গনতন্ত্ৰৰ অংগ কিন্তু ৰাজহুৱা সম্পত্তি ধ্বংস আৰু স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হোৱা ইয়াৰ অংগ হ'ব নোৱাৰে।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ , লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে গৃহীত হৈছে । ৰাজনৈতিক দল আৰু সাংসদে নাগৰিকত্ব সংশোধনী আইনৰ সাপেক্ষে ভোট দান কৰিছিল। এই আইন খনে ভাৰতৰ পূৰ্বৰ সংস্কৃতি, প্ৰভাৱ, ভাতৃত্ববোধক প্ৰদৰ্শন কৰে বুলি টুইটৰ জৰিয়তে প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।‌

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইন খনে ভাৰতৰ কোনো ধৰ্মৰ লোকৰ বাবে ও ক্ষতিগ্ৰস্ত নহয় । লগতে কয় যে কোনো ভাৰতীয়ই এই আইন সম্পৰ্কে চিন্তা কৰাৰ কাৰণ নাই । দেশৰ বাহিৰত ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা সেইসকল লোকৰ বাবে এই আইন খন যি সকলে ভাৰতৰ বাহিৰে আন ঠাইলৈ যোৱাৰ ঠাই নাই ।

মোদীয়ে কয় যে দেশৰ উন্নয়নৰ বাবে আমি সকলোৱে একগোট হৈ কাম কৰিব লাগে । প্ৰতিগৰাকী ভাৰতীয়, বিশেষকৈ দৰিদ্ৰ , দলিত আৰু প্ৰান্তীয় লোক সকলৰ সবলীকৰণৰ বাবে সকলোৱে ঐক্যবদ্ধ হৈ আগবাঢ়ি লাগে বুলি টুইটৰ জৰিয়তে প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী মোদীয়ে ।

লগতে কয় যে ন্যস্ত স্বাৰ্থ জড়িত গোটসমূহক বিভেদ আৰু অশান্তিৰ সৃষ্টি কৰিব দিয়া নহ'ব । এয়া একতা, শান্তি আৰু ভাতৃত্ববোধৰ সময় । হিংসাত্মক কাৰ্যত উচতনি দিয়া কাৰ্যৰ পৰা জনসাধাৰণক দূৰত থাকিবলৈ আহ্বান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।

এতিয়ালৈকে সাম কটা নাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। সমগ্ৰ দেশতে বিয়পি পৰিছে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ। বহু দল সংগঠনে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত ১৮ ডিচেম্বৰ বুধবাৰে আবেদন বোৰৰ ওপৰত শুনানি আৰম্ভ হ'ব ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Anti Citizenship (Amendment) Bill protest rocks Sivasagar

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com