Begin typing your search above and press return to search.

অসম চৰকাৰে অতি শীঘ্ৰেই নিযুক্তি দিব বিভিন্ন বিভাগত খালী থকা ৫৫,০০০ পদ

অসম চৰকাৰে অতি শীঘ্ৰেই নিযুক্তি দিব বিভিন্ন বিভাগত খালী থকা ৫৫,০০০ পদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2019 7:54 AM GMT

অসম চৰকাৰে অতি শীঘ্ৰেই নিযুক্তি দিব বিভিন্ন বিভাগত খালী থকা ৫৫,০০০ পদ । ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই শিক্ষককে ধৰি বিভিন্ন বিভাগত খালী হৈ থকা পদ সমূহত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব । এই নিৰ্দেশ জাৰি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোমবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক বৈঠকত বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকলক এই খালী পদ সমূহত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ যাবতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যত খালী থকা বিভিন্ন বিভাগৰ ৫৫,০০০ টা পদত অহা ৬ মাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

জনতা ভৱনত অনুষ্ঠিত বৈঠকত বিভিন্ন উন্নয়ন মূলক আচঁনি সম্পৰ্কে আলোচনা কৰা হয় ।

বৈঠক খনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা আৰু মহকুমা পৰ্যায়ৰ সকলো বিষয়া সকলে তলতীয়া কৰ্মচাৰী সকলৰ লগত উন্নয়ন মূলক আচঁনি ৰূপায়নৰ ক্ষেত্ৰত আলোচনাত মিলিত হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই বৈঠকত বিভিন্ন বাজেট ব্যয় সম্পৰ্কেও মুখ্যমন্ত্ৰী গৰাকী অবগত হয় ।

অন্য খবৰৰ বাবে পঢ়ক : ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত অহা হিন্দু অনুপ্ৰবেশকাৰীসকলেও নাগৰিকত্ব লাভ কৰিব পাৰে

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

Next Story
চাকৰি