Begin typing your search above and press return to search.

২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত অহা হিন্দু অনুপ্ৰবেশকাৰীসকলেও নাগৰিকত্ব লাভ কৰিব পাৰে

২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত অহা হিন্দু অনুপ্ৰবেশকাৰীসকলেও নাগৰিকত্ব লাভ কৰিব পাৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2019 7:30 AM GMT

২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত অহা হিন্দু অনুপ্ৰবেশকাৰীসকলেও নাগৰিকত্ব লাভ কৰিব পাৰে ।২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পিছত অহা হিন্দু অনুপ্ৰবেশকাৰী সকলেও সম্ভৱত নাগিৰিকত্ব লাভ কৰিব পাৰে। এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। সোমবাৰে এক সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে,নাগৰিকত্ব সংশোধনী আইন অনুসৰি হিন্দু অনুপ্ৰবেশকাৰীসকলক ২০১৪ চনৰ ৩১ ডিচেম্বৰ ভিত্তি বৰ্ষ কৰা হৈছে যদিও এই আকাংশ।ও আছে যে এই নিৰ্দিষ্ট দিনৰ পিছতো হিন্দু অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰা হব পাৰে।

নাগৰিকত্ব সংশোধনী আইন অনুসৰি ২০১৪চনৰ ৩১ ডিচেম্বৰ ভিতৰত অহা হিন্দু শৰণাৰ্থী সকলে নাগৰিকত্ব লাভ কৰিব। কিন্তু আইন খন এই বিষয়ত সম্পূর্ণ মৌন আছে যে, নাগৰিকত্বৰ বাবে আবেদন কৰা হিন্দু শৰণাৰ্থী সকলে নাগৰীকত্ব সংশোধনী আইন অনুসৰি ভিত্তি বৰ্ষৰ নিৰ্দিষ্ট দিনটোত অথবা দিনটোৰ পূৰ্বে ভাৰতত অনুপ্ৰৱেশ কৰিছে সেয়া প্ৰমাণৰ বাবে কোনো নথি পত্ৰ দেখুৱাব লাগিব নে নাই।কিন্তু বৰ্ত্তমান এনে সম্ভাৱনা দেখা দিছে যে নাগৰিকত্ব সংশোধনী বিধয়কে ঠিক কৰা নিৰ্দিষ্ট দিনৰ পিছত অহা হিন্দু অনুপ্ৰৱেশকাৰী সকলও নাগৰিকত্ব লাভ কৰিব।

এই বিষয়তো সকলোতকৈ ভয়ানক দিশ নাগৰীকত্ব সংশোধনী বিধেয়কৰ।সেয়াহে অসমবাসী ৰাইজে এই নাগৰীকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক বৃহৎ আন্দোলন গঢ়ি তুলিব লাগে। যাতে এই নাগৰীকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব বাধ্য হয় চৰকাৰ। অসম আন্দোলনৰ নেতৃত্ব লোৱা প্ৰফুল্ল কুমাৰ মহন্তই এনেদৰে মন্তব্য কৰে।প্ৰফুল্ল কুমাৰ মহন্ত যি বৰ্তমান অসম গণ পৰিষদ দলৰ বিধায়ক তেওঁ কয় যে,এটা সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে ৰাজ্যত থকা বাংলাদেশী সকলক বাহিৰ কৰা হব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল।কিন্তু সেই প্ৰাতশ্ৰুতিৰ কি হল বুলি প্ৰশ্ন কৰে অসম গণ পৰিষদৰ নেতা গৰাকীয়ে।কিন্তু সেই গৰাকী প্ৰধানমন্ত্ৰী তথা নেতাই এতিয়া হিন্দু বাংলাদেশী অনুপ্ৰবেশকাৰী সকলক ৰঙা দলিছা পাৰি দিছে।অসমত বৰ্তমান যেনে আন্দোলন চলি আছে সেই আন্দোলন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী অৱগত নে বুলিও প্ৰশ্ন কৰে মহন্তই।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ হিংসাত্মক কাৰ্য সম্পৰ্কে মন্ত্ৰী হিমন্তৰ মত

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

Next Story
চাকৰি