Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ হিংসাত্মক কাৰ্য সম্পৰ্কে মন্ত্ৰী হিমন্তৰ মত

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ হিংসাত্মক কাৰ্য সম্পৰ্কে মন্ত্ৰী হিমন্তৰ মত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Dec 2019 7:23 AM GMT

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ হিংসাত্মক কাৰ্য সম্পৰ্কে মন্ত্ৰী হিমন্তৰ মত । অৱশেষত মুখ খুলিছে বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বিগত কেইবাদিনো ধৰি ৰাইজৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আহিছে বিভিন্ন দল সংগঠন, ছাত্ৰ সমাজ, শিল্পী সমাজ আদিয়ে । আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত একাংশ দুষ্কৃতিকাৰী লোকে বিভিন্ন হিংসাত্মক কাৰ্য সংঘটিত কৰিছে । হিংসাত্মক কাৰ্যত জড়িত থকা লোক সকলৰ একাংশক ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত হিংসাত্মক কাৰ্যকালাপ সম্পৰ্কত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিবাদৰ মাজত হোৱা হিংসাত্মক কাৰ্যত নামনি অসমৰ জিলা বৰপেটা, নলবাৰী আৰু গোৱালপাৰাৰ লোক জড়িত থকা বুলি প্ৰমনা পোৱা গৈছে। যি সকল গুৱাহাটীৰ বাসিন্দা নহয় । তেওঁলোকে আন্দোলনৰ বাবে নহয় কেৱল ৰাজহুৱা সম্পত্তি ক্ষয় ক্ষতি কৰিবৰ বাবেহে আন্দোলনত আহিছে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শান্তিপূৰ্ণ আৰু গনতান্ত্ৰিক আন্দোলনৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰই ইতিমধ্যে আন্দোলনৰ নেতা সকলৰ ওচৰ চপা আৰু তেওঁলোকৰ সমস্যা সমূহ স্বীকাৰ কৰাৰ বাবে এক প্ৰক্ৰিয়া আৰম্ভ হৈছে । লগতে তেওঁ কয় যে বৰ্তমান পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক হৈছে সেয়ে বেংক,ৰেল, ইন্টাৰেনেট সেৱাও স্বাভাৱিক হ'ব ।

সোমবাৰে অনুষ্ঠিত হোৱা এক সংবাদ মেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্ৰীমন্ত শংকৰদেৱ‌ কলাক্ষেত্ৰ , জনতা ভৱন আৰু হাতিগাঁওৰ হিংসাত্মক কাৰ্যত জড়িত লোক সকলৰ একাংশক ইতিমধ্যে চিনাক্ত কৰা হৈছে। তাৰ প্ৰায় সংখ্যক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে । গ্ৰেপ্তাৰ হোৱা প্ৰায় ভাগ লোকেই নলবাৰী, গোৱালপাৰা আৰু বৰপেটা জিলাৰ।

তদুপৰি মন্ত্ৰী গৰাকীয়ে কয় যে শ্ৰী মহন্ত শংকৰদেৱ‌ কলাক্ষেত্ৰৰ হিংসাত্মক কাৰ্যৰ লগত জড়িত থকা লোকজনৰ নাম জুবেৰ আলম আৰু তেওঁ এটা ৰাজনৈতিক দলৰ সদস্য । আন গ্ৰেপ্তাৰ হোৱা সদস্য সমূহৰ ভিতৰত অলকেশ দাস , কাৰিমুদ্দিন আহমেদ, ৱাহিম আহমেদ , নৱাব মবিউল , জাহাংগিৰ আহমেদ , নুৰবক্স আলি চাহি খান আৰু বহুতো। ইয়াৰ দ্বাৰা প্ৰমান হয় যে গুৱাহাটীৰ স্থানীয় বাসিন্দা সকল হিংসাত্মক কাৰ্যত জড়িত নাছিল ।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ১০ আৰু ১১ ডিচেম্বৰ তাৰিখে হোৱা সংঘৰ্ষত গুলিবদ্ধ ২৭ জন লোক গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাৰ ভিতৰত ৪ জনৰ মৃত্যু হৈছে । বাকী ১৩ জন সুস্থ হোৱাৰ লগতে আন ১০ জন এতিয়াও চিকিৎসাধীন হৈ আছে। তেওঁলোকে এতিয়া বিপদমুক্ত বুলি জানিব দিছে চিকিৎসকে ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন: বুধবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানি

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

Next Story
চাকৰি