Begin typing your search above and press return to search.

গুৱাহাটী মহানগৰীত যান বাহনৰ সমস্যা

গুৱাহাটী মহানগৰীত যান বাহনৰ সমস্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Sep 2019 6:56 AM GMT

মহানগৰীত যান বাহনৰ । সমস্যা জু ৰোডত উৰনীয়া সেতুৰ নিৰ্মাণে যাতায়তৰ সমস্যা সম্প্ৰতি বৃদ্ধি হৈছে ৷যাৰ ফলত যাত্ৰীসকলৰ যাতায়তত এক বৃহৎ সমস্যাৰ সৃষ্টি হৈছে ৷ ইফালে মহানগৰীত চিটী বাছসমূহৰ দৌৰাত্ম্যত যাতায়তৰ সমস্যা হোৱাটো সকলোৰে সৰ্বজন বিদিত। মহানগৰীৰ জু ৰোডৰ এই পথটোত প্ৰায় ১৮০ খন বাছ অহা যোৱা কৰে।

এই পথটোত ৮ নম্বৰৰ বাছসমূহ চলাচল কৰে পাঞ্জাবাৰীৰ পৰা,১ নম্বৰৰ বাছ বৈশিষ্ঠ্য মন্দিৰ,২ নম্বৰৰ বৈশিষ্ঠ্য আৰু ৩ নম্বৰৰ বাছসমূহ হাতিগাওঁ আৰু ৪ নম্বৰৰ বাছ কাহিলীপাৰাৰ লগতে আদাবাৰী আৰু জুৰোডলৈ চলাচল কৰে। ইফালে জু ৰোডৰ পথটোত পথটোত প্ৰায়ে যানবাহনৰ সমস্যা দেখিবলৈ পোৱা যায়। মহানগৰীত বিভাগীয় কৰ্তৃপক্ষই যান বাহনৰ সমস্যা দূৰ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত লৈছে ৷

মহানগৰীৰ গণেশগুৰিত নতুনকৈ উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য চলি থকা বাবে কাইলৈৰ পৰা সলনি হ’ব মহানগৰীৰ চিটীবাছ চলাচলৰ পথ। পাঞ্জাবাৰীৰ পৰা গণেশগুৰি হৈ চলা বাছসমূহ ছয়মাইল–নাৰেংগী–নুনমাটি–চানমাৰি হৈ আদাবাৰীলৈ যাব লাগিব। উভতি আহোতেও একে পথেৰে আহিব লাগিব বাছসমূহ।

মহানগৰীত যান বাহনৰ এক ভয়াৱহ ৰূপ৷ গুৱাহাটী মহানগৰীত যানবাহনৰ ক্ষেত্ৰত কেতিয়া এক সুনিশ্চিত ৰূপ দেখা যাব? সাম্প্ৰতিক সময়ত এইটো এটা বৃহৎ প্ৰশ্ন ৷মহানগৰত বিদ্যালয়,কাৰ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰী,কৰ্মচাৰীয়ে ট্ৰেফিক জামত ৰৈ থকাটো নতুন কথা নহয়। ইয়াৰ মাজতে অৱশ্য বৃহস্পতিবাৰে সংঘটিত হ’ল এক গুৰুত্বপূৰ্ণ ঘটনা।

জি এচ ৰোডৰ পৰা উলুবাৰীৰ পৰা ছয় মাইলৈকে সকলো বাহন ট্ৰেফিকত আৱদ্ধ ৷জিএচ ৰোড পাৰ হৈয়ে আৰু এটা ট্ৰেফিকত আৱদ্ধ হৈ পৰিছিল চান্দমাৰী গনেশগুৰিত বহু বাহন। কিন্তু এই বাহন সমূহ কিয় প্ৰায়ে এনেকৈয়ে আৱদ্ধ হৈ পৰে? প্ৰায়ে প্ৰত্যেক দিনেই যান বাহনৰ এই অৱস্থা দেখা যায় ৷

মহানগৰীত প্ৰায়ে যান বাহনৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে লোকসকলে সৰু সৰু পথোবোৰ বাছি লয় যদিও সেইসময়ত খোজ কাঢ়ি যোৱা যাত্ৰীসকলৰ অসুবিধা হয়। কিন্তু মহানগৰীত যান বাহনৰ ক্ষেত্ৰত এই ভয়ানক স্থিতি কিয় হৈছে ? গতিকে মহানগৰীত যান বাহন আৰক্ষী,প্ৰশাসনৰ সকলো সদস্য একত্ৰিত হৈ এই সন্দৰ্ভত কাম কৰিলেহে উপায় ওলাব ৷সেয়া নিশ্চিত ৷

উল্লেখ্য যে গুৱাহাটীত যান বাহনৰ ব্যৱস্থা সুচল কৰিবৰ কাৰণে কামৰূপ পৰিবহন বিভাগে চিটী বাছৰ কাৰণে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ নতুন নীতি নিৰ্দেশনাৰ জৰিয়তে মহানগৰীত যান বাহনে সৃষ্টি কৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত আৰু চিটী বাছসমূহৰ চলাচল সুচল হোৱাত সহায় কৰিব ৷ ইফালে যান বাহন বিভাগৰ ডি চি পি প্ৰশান্ত শইকীয়াৰ মত অনুসৰি চিটী বাছৰ কমিটীয়ে নতুন নীতি নিৰ্দেশনাসমূহ তৈয়াৰ কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক : ধুবুৰী জিলাৰ নেতাজী পথৰ জৰাজীৰ্ণ অৱস্থা

অন্য খবৰৰ বাবে পঢ়ক:BJP State President Ranjeet Dass celebrates PM Modi's birthday

Next Story
চাকৰি