ধুবুৰী জিলাৰ নেতাজী পথৰ জৰাজীৰ্ণ অৱস্থা

ধুবুৰী জিলাৰ নেতাজী পথৰ জৰাজীৰ্ণ অৱস্থা

ধুবুৰী জিলাৰ নেতাজী পথৰ জৰাজীৰ্ণ অৱস্থা।ধুবুৰী জিলাৰ মাজেৰে যোৱা ৬০০ মিটাৰৰ এটা ৰাস্তা । তথাকথিত অনুসৰি, ১৯৩৭ চনত এই ৰাস্তাটোৰে নেতাজী সুভাষচন্দ্ৰ বসু য়ে খোজ কঢ়াৰ পিছতেই ৰাস্তাটোৰ নাম নেতাজী সুভাষ ৰোড বুলি অভিহিত কৰা হয় । প্ৰথমতে এই ৰাস্তাটোৰ নাম হাউলা ৰোড বুলি জনা গৈছিল । কিন্তু এই জনপ্ৰিয় ৰাস্তাটোৰ বাবে চিন্তিত হৈ পৰিছে। কিয়নো জৰাজীৰ্ণ হৈ পৰিছে এই জনপ্ৰিয় ৰাস্তাটো ।

বৰষুণৰ দিনত পানী জমা হোৱাৰ লগতে ৰাস্তাটোৰ বিভিন্ন অংশ ভাঙিছে । তাৰোপৰি জৰাজীৰ্ণ আৰু লেতেৰাৰে ভৰি পৰিছে নেতাজী ৰোড ।

সাংসদ (MP) , বিধায়ক ( MLA ) বা ধুবুৰী মিউনিচিপ্যাল বোৰ্ড ( dhuburi municipal board ) আৰু পি ডব্লিউ দি (PWD ,R )কোনোৱে এতিয়ালৈকে এই ৰাস্তাটোৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই।

PWD (R)এই কৈছে যে , "হয় এইটো আমাৰ ৰাস্তা , কিন্তু এই ৰাস্তা নিৰ্মাণৰ বাবে আমি কোনো ধৰনৰ ধনৰাশি দিয়া নাই । আমি ইতিমধ্যেই পৰিকল্পনা আৰু মূল্যাংকন সম্পৰ্কে ৰাজ্য চৰকাৰক অবগত কৰাইছো যদিও এতিয়ালৈকে ৰাজ্য চৰকাৰে অনুমোদন আগবঢ়োৱা নাই "।তাৰ বিপৰীতে , স্হানীয় লোক সকলে কয় যে, "এই কথাখিনিয়ে আমি বহুতো কাৰ্যনিবাহী অভিযন্ত্ৰা ( executive engineer , Pwd r)ৰ পৰা শুনিছো,যি খিনি ইতিমধ্যে বদলিও হৈছে। যিজন নতুন কাৰ্যনিবাহী অভিযন্তা তেওঁ আনকি ফোন ও নুঠাই আৰু বেছি ভাগ সময় নিৰ্দিষ্ট পৰিসৰৰ বাহিৰত থকা বুলি কয়।

এই ৰাস্তাৰ স্হানীয় দোকানী খিনিয়ে কয় যে , নেতাজী সুভাষ ৰোডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত তেওঁলোৰ দোকনত পানী সোমাই যাৰ ফলত বন্ধ কৰিবলৈ বাধ্য হয় দোকানী সকল। তাৰ ওচৰতে প্ৰায় আধা কিলোমিটাৰ দূৰত থকা ডি ই ই অ ৰ পৰা বি আই অফিচাৰ পইন্টলৈ থকা জাকিৰ হুছেইন পথটোৰ অৱস্হাও অতি জৰাজীৰ্ণ । কালৰ্ভাৰ্ট, পথ বিলাক ভাঙি যোৱাৰ লগতে নলা নৰ্দমা বোৰ বন্ধ হৈ গৈছে ।

নেতাজী সুভাষ পথৰ স্হানীয় লোকসকলে ৰাস্তাটো নিৰ্মাণ আৰু কিছু বছৰ আগতে কৰা বিসংগতি পূৰ্ণ নিৰ্মাণ ৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ।

বৰ্তমান ৰাস্তাটোক লৈ প্ৰশ্ন হৈ আছে যে dhuburi municipal board আৰু PWD R ৰ মাজত কোনে নিৰ্মাণ কৰিব ৰাস্তাটো ?? ইফালে নেতাজী সুভাষ ৰোডটো PWD,R ৰ অধীনত আহিছে যদিও এতিয়ালৈকে কোনো ধৰনৰ অনুদান পোৱা নাই , আনহাতে DMB ৰ হাতত ধনৰাশি থকাৰ পিছতো অনুমতি পোৱা নাই ৰাস্তা নিৰ্মাণৰ বাবে ।

DMC ৰ অধ্যক্ষই পুচো মালোই কয় যে, ৰাস্তাটোৰ কাম PWD,R ৰ নামত আহিছে যিহেতু এই কাম তেওঁলোকে কৰিব নোৱাৰে । কিন্তু স্হানীয় লোক সকলে কয় যে এই ৰাস্তাটো ২,৪,৫,৬ আৰু ৭ নং ৱাৰ্ড অতিক্ৰম কৰে,, তেতিয়া হ'লে কিয় ধুবুৰী মিউনিচিপ্যাল বোৰ্ডে ৰাস্তা নিৰ্মাণৰ কাম ভগাই দিয়া নাই। PWDৰ অধীনত অহা ৰাস্তাৰ কাম DMC য়ে কৰিব পাৰিবনে?? ধুবুৰী জিলাৰ PWD ৰ কাৰ্যবাহী অভিযন্তা গৰাকীয়ে কয় যে ৰাস্তাৰ কাম পৌৰ নিগমে কৰিলেও কোনো ধৰনৰ সমস্যা নাই ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Man choked his wife to death, Later commits suicide

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com