যান বাহনৰ সমস্যা ৰোধ কৰিবলৈ মহানগৰীৰ চিটী বাছক প্ৰদান টাইম কাৰ্ড

যান বাহনৰ সমস্যা ৰোধ কৰিবলৈ মহানগৰীৰ চিটী বাছক প্ৰদান টাইম কাৰ্ড

মহানগৰীত যান বাহনৰ সমস্যাক সীমিত কৰিবৰ কাৰণে পৰিবহন বিভাগৰ এক বিশেষ পদক্ষেপ ৷ এইবাৰ পৰিবহন বিভাগে মহানগৰীৰ চিটী বাছসমূহক প্ৰদান কৰিব টাইম কাৰ্ড ৷ গতিকে চিটী বাছসমূহ এই বিশেষ টাইম কাৰ্ডৰ দ্বাৰা মহানগৰীত ৰাজপথত চলাচল কৰিব ৷চিটী বাছৰ সমূহক নিজৰ দৈনন্দিন যাত্ৰা কৰাৰ পূৰ্বে দিয়া হ’ব একোখনকৈ টাইম কাৰ্ড। আৰু এই টাইম কাৰ্ড অনুসৰি কোনো চিটী বাছে অন্য কোনো বাছক অভাৰটেক কৰি আগবাঢ়ি যাব নোৱাৰিব।

ইফালে পৰিবহন বিভাগ আৰু যান বাহন আৰক্ষীৰ এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত খানাপাৰাত এক সজাগতা সভা আয়োজন কৰা কৰিছে । আনহাতে গুৱাহাটীত যান বাহনৰ সমস্যা নতুন কথা নহয় ৷প্ৰায়ে মহানগৰীত যান বাহনৰ সমস্যাই জনসাধাৰণক শিক্ষা দি আহিছে ৷

গুৱাহাটীত প্ৰায় ৬৬৯ খন চিটী বাচ আছে ৷ ইয়াৰ বিপৰীতে ৫৫০ টা পথ আছে ৷ ইয়াত ২০০ খন অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আছে ৷ ইফালে মহানগৰীত উবেৰ,ওলা সেৱাত আছে ১০,০০০ খন বাহন,গুৱাহাটীত থকা অট’ৰিক্সাৰ সংখ্যা প্ৰায় ৫০০০ আৰু ১৬৫০ খন আছে মেট্ৰ’ টেক্সি ।গতিকে গুৱাহাটীত থকা সকলো যান বাহনৰ সংখ্যা হৈছে ১.০৫ লাখ ৷

ইফালে পূৰ্বতে চিটী বাছসমূহ সময়মতে চলাচল কৰিছিল ৷কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা যায়। চিটী বাছসমূহে য’তে ত’তে ৰৈ যাত্ৰী সকলক উঠাই আনে ৷লগতে যাত্ৰীসকলেও বাছ আস্থানত নৰখি য’তে ত’তে বাছসমূহ ৰখাই ৷ যাৰ ফলত যান বাহন চলাচল কৰাত অৰাজকতাই দেখা দিয়ে ৷ গতিকে চিটী বাচসমূহৰ সমগ্ৰ প্ৰণালীটোৱেই পৰিৱৰ্তন কৰিব লাগিব।

উল্লেখ্য যে,মহানগৰীত প্ৰায়ে চিটীবাছসমূহে বাছ আস্থানৰ সমূহৰ বাহিৰে য’তে ত’তে ৰাখি যাত্ৰীসকলক উঠাই অনা দেখা যায়। এই ক্ষেত্ৰত চিটী বাছ চালকৰো দায়িত্ব থাকে যে য’তে ত’তে বাছখন ৰাখিব নালাগে ৷ আৰু যাত্ৰীসকলৰ দায়িত্ব থাকে যে বাছখন কেৱল বাছ আস্থান সমূহতহে ৰাখিব ৷ কাৰণ তেনেধৰণৰ এখন বাছৰ কাৰণে বাকী বাছ সমূহৰ চলাচলত বাধাৰ সৃষ্টি হয়।

আনহাতে সততে দেখা যায় যে ফুটপাথসমূহত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰিও , বহু লোকে নিজৰ বাহন সমূহ পাৰ্কিং কৰাৰ ঠাই হিছাপে ব্যৱহাৰ কৰে ৷গতিকে এই সমূহ সমস্যাৰ লগতে মহানগৰীত সম্প্ৰতি আৰম্ভ কৰা টাইম কাৰ্ডে যান বাহনৰ সমস্যা দূৰ কৰিব বুলি আশা কৰা হৈছে।

ভিডিঅ প্ৰতক্ষ্য কৰক:Central Karam Sanmilan begins in Tinsukia | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com