Begin typing your search above and press return to search.

মহানগৰীত উদযাপন বিশ্ব স্মৃতি দিৱস,মহানগৰীত সমদলৰ লগতে সজাগতা সভা

মহানগৰীত উদযাপন বিশ্ব স্মৃতি দিৱস,মহানগৰীত সমদলৰ লগতে সজাগতা সভা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Nov 2019 9:46 AM GMT

মহানগৰীত উদযাপন বিশ্ব স্মৃতি দিৱস,মহানগৰীত সমদলৰ লগতে সজাগতা সভা।গ্ৰাহক আইন সুৰক্ষা মঞ্চ অসম,দিল্লীস্থিত গ্ৰাহকৰ কণ্ঠ নামৰ সংগঠনটো আৰু চাক্ষুৰ উদ্যোগ্যত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পথত এক সমদল ওলোৱা হয়।পথ দুঘটনাৰ ভুক্তভোগী সকলৰ স্মৃতিত আৰু সকলোলৈকে সুৰক্ষিত পথৰ দাবীতদেওবাৰে পুৱা উলিওৱা হয় সমদলটো।

অনুষ্ঠানটোত বহুকেইজন সাংবাদিক,ছাত্ৰ ছাত্ৰী,বহুসংখ্যক লোক উপস্থিত থাকে।এই বৰ্ষৰ স্মৃতি দিৱসৰ শ্লোগান আছিল জীৱন এক দলিছা নহয়।ভাৰতবর্ষৰ বিভিন্ন পথ আৰু ইয়াৰ সুৰক্ষাজনীত বিষয়বোৰৰ দৃষ্টি আকৰ্ষণৰ বাবে এই বাৰ্ষিক অনুষ্ঠানটো আয়োজন কৰা হয়।অনুষ্ঠানত চিকিৎসক আৰু এন ই এফ মহাবিদ্যালয়ৰ অধ্যক্ষ কাৰবি বৰ্মনে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।অনুষ্ঠানত তেওঁ মন্তব্য কৰে যে প্ৰতি বৰ্ষত পৰাই ১ লাখ লোকৰো অধিক লোক পথ দুঘটনাত ৰাজপথত মৃত্যু হয় ।অন্যহাতে প্রায় ২০ ৰ পৰা৫০লাখ লোক গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়।

পথ দুৰ্ঘটনা সমূহ প্ৰতিটো বয়সৰ বহুলোকৰ মৃত্যু হোৱাৰ মুখ্য কাৰন আৰু বিশেষকৈ ১৫ৰ পৰা ২৯ বয়সৰ বহু লোকৰ প্ৰায় মৃত্যু হয় পথ দুৰ্ঘটনাত।পথ যাতায়ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰন।লয়ে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদন " ভাৰতত সংঘটিত পথ দুৰ্ঘটনা ২০১৭ "অনুসৰি ৪,৬৪,৯১০ টা মুঠ পথ দুঘটনাৰ ভিতৰত ১,৪৭,৯১৩ সংখ্যক লোকৰ মৃত্য আনহাতে ৪,৭০,৯৭৫ জন লোক পথ দুৰ্ঘটনাত আহত হৈছে।ই বুজাই যে প্ৰতিদিনে ১,২৭৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় যত প্ৰতিদিনে মৃত্যুৰ সংখ্যা ৪০৫ গৰাকী।দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় অনুশাসিত অঞ্চলৰ পৰা কেন্দ্ৰীয় চৰকাৰক দিয়া দিয়া তথ্য অনুসৰি ২০১৯ বৰ্ষৰ প্ৰথম ছয় মাহত দেশত হোৱা মুঠ ১,১৮,১৭৫ টা মুঠ পথ দুৰ্ঘটনাত ১,১৯,২৬০ জন লোক আহত আৰু ৩৯,২৬৮ গৰাকী মৃত্যু মুখত পৰিছে।এই সমূহ প্ৰতিৰোধ কৰাৰ বাবে নতুন পৰিবহণ অ।ইন প্ৰৱৰ্তন আৰু পথৰ ৰূপ।ঙ্কণ কৰা,অনুজ্ঞাপত্ৰ,বাহন চ।লনাৰ উন্নত মানমাণ্ড ,পৰিবহণ বিভাগ,বাহনৰ ডিজ।ইন আদিৰ ক্ষেত্ৰত কঠোৰ আৰু সংশোধন কৰা হলে এনে ঘটনা প্ৰতিৰোধ কৰা সম্ভৱ হব ।

অনুষ্ঠানত অসম গ্ৰাহক আইন সুৰক্ষা মঞ্চৰ সম্পাদক তথা অধিবক্তা অজয় হাজৰিকাই কয় যে,পথ সুৰক্ষা আইন কঠোৰ ভাবে প্ৰৱৰ্তন কৰিলেহে পথ দুৰ্ঘটনা সমূহৰ সংখ্যা কমিব। অনুষ্ঠানত চাক্ষুৰ (chakshu)ৰ হৈ মুখ্য উদ্যোগত। জুলি কাকতিয়ে যান বাহন আইন খনৰ সংশোধন কৰাৰ দাবী জনায়।

অন্য খবৰৰ বাবে পঢ়ক: বন্য হস্তীৰ উপদ্ৰৱত ক্ষুব্ধ হৈ বিহগুৰিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন

ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি