Begin typing your search above and press return to search.

এনআৰচিৰ প্ৰকাশৰ পিছত হ’ব লগা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মহানগৰ আৰক্ষীৰ

এনআৰচিৰ প্ৰকাশৰ পিছত হ’ব লগা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মহানগৰ আৰক্ষীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Aug 2019 9:34 AM GMT

এনআৰচিৰ প্ৰকাশ হ’বলৈ মাজত মাথো কেইটামান দিন ৷চলিত বৰ্ষৰ ৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম সূচী ৷ সেয়েহে ৰাজ্যৰ লগতে মহানগৰীত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সম্ভৱ নহয় তাৰ কাৰণে আইন কানুনৰ লগতে বিভিন্ন পৰিকল্পনা হাতত লৈছে প্ৰশাসনে ৷

গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে সোমবাৰে কয় যে এনআৰচি প্ৰকাশৰ পিছত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে। চূড়ান্ত নাগৰিক পঞ্জী প্ৰকাশৰ পিছত ঘটিব পৰা, আমি যিকোনো ঘটনাৰ কাৰণে সাজু আছো ৷ আমি এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰিছোঁ ৷ মহানগৰীত এন এচ কে সুৰক্ষাৰ সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে ৭৮ এনআৰচি সেৱা কেন্দ্ৰৰ কাৰণে বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷

আমি এন আৰ চি প্ৰকাশৰ পিছত সংবেদনশীল স্থানসমূহক চিনাক্ত কৰিছো ৷আৰু কোনো ধৰণৰ অপ্ৰিয় ঘটনা যাতে সংঘটিত নহয় তাৰ ব্যৱস্থা কৰিছোঁ ৷ইয়াৰ উপৰিও এক বিশেষ আৰক্ষীৰ চাইবাৰ ব্যৱস্থাই ছ’চিয়েল মিডিয়াত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য সংঘটিত নহয়৷

উল্লেখ্য যে চলিত বৰ্ষৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিয়োজিত কামৰূপৰ পাঁচটা ৰাজহ চক্ৰৰ লোকসকলৰ কাৰণে দেওবাৰ,দ্বিতীয় শনিবাৰ ,বিহু আৰু অন্যান্য উৎসৱত কোনো বন্ধৰ দিন লাভ কৰা নাই ৷ চলিত বৰ্ষৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত দাবী আপত্তিৰ শুনানি হৈ আছে ৷

এনআৰচিত পুৰুষ কৰ্মচাৰীসকলে নিশালৈকে কামত ব্যস্ত হৈ থাকে। আৰু মহিলাসকলে নিশা ১০ বজালৈকে কাম কৰে ৷ যাতে ৰাজ্যখনে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী লাভ কৰে। দ্য চেন্টিনেলৰ সৈতে মত বিনিময় কৰি এজন বিষয়াই কয় যে গুৱাহাটী ৰাজহ চক্ৰত দহ গৰাকী মহিলাৰ লগতে ৪৮ গৰাকী মহিলাই কাম কৰি আছে ৷জিলাৰ পাঁচখন ৰাজহ চক্ৰ ক্ৰমে গুৱাহাটী,দিছপুৰ, সোনাপুৰ,আজৰা আৰু চন্দ্ৰপুৰত ১৪০ জন বিষয়াই কাম কৰি আছে ৷

অন্য খবৰৰ বাবে পঢ়ক: এনআৰচিৰ ক্ষেত্ৰত প্ৰতীক হাজেলাৰ স্থিতিত সন্দেহ বিজেপি অসম প্ৰদেশৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:AJYCP Joypur unit organized Rain Forest Football Trophy

Next Story
চাকৰি