অসম চুক্তিৰ ৬ নং দফাক অনতি পলমে বাস্তৱায়িত কৰিব লাগে: অসম স্বদেশী জন সুৰক্ষা সমিতি

অসম চুক্তিৰ ৬ নং দফাক অনতি পলমে বাস্তৱায়িত কৰিব লাগে: অসম স্বদেশী জন সুৰক্ষা সমিতি

অসম চুক্তিৰ ৬ খণ্ডৰ সন্দৰ্ভত অসম স্বদেশী জন সুৰক্ষা সমিতিয়ে কয় যে বৰাক উপত্যকাৰ স্বদেশী লোকসকল ৬ নং দফা বাস্তৱায়িত কৰাৰ সন্দৰ্ভত চৰকাৰক পূৰ্ণ সমৰ্থন কৰিব । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত হোৱা এক সংবাদ মেলত অসম স্বদেশী জন সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক চিৰাম হীৰাজিৎ সিঙে কয় যে বৰাক ঘাটীৰ স্বদেশী লোকসকলৰ অসম চুক্তিৰ খণ্ড ৬ ক বাস্তৱায়িত কৰিবৰ কাৰণে পূৰ্ণ সমৰ্থন আছে ৷

আমি ১৫ জন বিধায়কৰ কাৰণে আসন সংৰক্ষণ হোৱাটো বিছাৰিছো ৷ইফালে অসমৰ স্বদেশী সুৰক্ষা সমিতিৰ সভাপতি সহদেৱ ৰাজবংশীয়ে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত প্ৰায় ১.৫ লাখ স্বদেশী লোকৰ নাম বাদ পৰিছে৷ লগতে সহদেৱ ৰাজবংশীয়ে কয় যে এই লোকসকলে নিজৰ পৰিচয় দিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ যাব নোৱাৰিব ৷

এআইপিপিচিৰ যৌথ সচিব চিন্তৰঞ্জন সিঙে কয় যে অসম চুক্তিৰ বিৰোধ কৰা লোকসকলৰ বেছিভাগেই হিন্দু বাঙালী সম্প্ৰদায়ৰ ৷ কিন্তু একেটা সম্প্ৰদায়ৰ বহু লোকেই ইয়াৰ সমৰ্থন কৰিছে। বৰাক অসমৰেই অংশ ৷ গতিকে অসম চুক্তিৰ ষষ্ঠ দফাক বাস্তৱায়িত কৰিবলৈ আমি সকলোৱে সমৰ্থন আগবঢ়াইছো ৷

আনহাতে সমিতিখনে প্ৰধানকৈ তিনিটাকৈ দাবী উত্থাপন কৰিছে ৷ ইয়াৰে প্ৰথমটো হৈছে কোনো ধৰণৰ চৰ্ত নোহোৱাকৈ এনআৰচিত স্বদেশী লোকসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত কৰোৱা। আৰু তেওঁলোক যাতে বিদেশী ন্যায়াধীকৰণলৈ যাব লগা নহয় ৷দ্বিতীয়তে স্বদেশী লোকসকলৰ স্বাৰ্থত অসম চুক্তিৰ ৬ নং দফাক বাস্তৱায়িত কৰা ৷ তৃতীয়তে বহু অবৈধ লোক এনআৰচিত অন্তৰ্ভুক্ত হৈছে ৷গতিকে এই সন্দৰ্ভত বৰাক উপত্যকাত পুনৰ পৰীক্ষণৰ অনুষ্ঠিত কৰিব লাগে।

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ পিছত বিভিন্ন দল সংগঠন আৰু লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ইয়াৰ ভিতৰত বিজেপি অসম প্ৰদেশে ইংগিত দিয়ে যে ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক তেওঁলোকে স্বীকাৰ কৰা নাই।

ভিডিঅ প্ৰতক্ষ্য কৰক:Commissioner of Police Deepak Kumar on Kumarpara Murder Incident

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com