Begin typing your search above and press return to search.

জলাশয় পৰিষ্কাৰ আৰু তদাৰক কৰাৰ বাবে দিছ্পুৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

জলাশয় পৰিষ্কাৰ আৰু তদাৰক কৰাৰ বাবে দিছ্পুৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Nov 2019 7:40 AM GMT

জলাশয় পৰিষ্কাৰ আৰু তদাৰক কৰাৰ বাবে দিছ্পুৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ।গুৱাহাটী আৰু চহৰখনৰ কাষৰীয়া বিভিন্ন জলাশয়ৰ দুৰাৱস্থা পৰিদৰ্শন কৰাৰ পিছত বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাৰ লগতে ,কাৰ্যকৰী কৰা ব্যৱস্থা সম্পৰ্কত ন্যায়ালয়ক অৱগত কৰাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।এই ক্ষেত্ৰত উল্লেখ কৰা হৈছে দিঘলীপুখুৰী, যোৰ পুখুৰী,দীপৰ বিল বিষয়ে।

দীপৰ বিল এক বৃহৎ বিল যি গুৱাহাটীৰ দক্ষিণ পশ্চিম দিশত শান্তিপূৰত অৱস্থিত।বিল খনত বসবাস কৰা বিভিন্ন চৰাইৰ প্ৰজাতিক সুৰক্ষা প্ৰদানৰ বাবে ১৯৮৯ চনত অসম চৰকাৰে দীপৰ বিলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষন। কৰে। বিভিন্ন চৰাইৰ প্ৰজাতি বসবাস কৰা বিল খনক পৰ্যটকৰ বাবেও এক বিশেষ আকর্ষন।গুৱাহাটী বন্যপ্ৰাণী বিভাগৰ অন্তৰ্গত বন্যপ্ৰাণী অভয়াৰন্য দীপৰ বিলখন ২০০২ চনৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ ঠাই হিচাপে বিবেচিত হয়।কাষৰীয়া পাহাৰ,ব্ৰহ্মপুত্ৰ আৰু বনাঞ্চলক সংযোগ কৰা বিল খনৰ এই সংযোগস্থলীক খন।জন বুলি জনা যায়।

দীপৰ বিলৰ প্ৰায় ৪.১০ কিলোমিটাৰ জুৰি বিয়পি থকা সমূহ অঞ্চল পৰিষ্কাৰ আৰু তদাৰক কৰাৰ বাবে লব পৰা বাব্যস্থা আৰু পৰিবেশৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত এক ৰিপোৰ্ট সাজু কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১৫ নৱেম্বৰত মুখ্য বন সংৰক্ষক বিষয়াক নিৰ্দেশ দিছে ।ন্যায়ালয়ৰ দিশৰ পৰা ৰায় সন্দভত কোৱা হয় যে বিল খনৰ ক্ষেত্ৰত বাব্স্থ। লোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক যথেষ্ট সময় দিয়া হৈছে আৰু এই ক্ষেত্ৰত ৰিপোৰ্ট জমা দিয়াৰ বাবেও নিৰ্দেশ দিয়া হৈছে। জনস্বাৰ্থ জড়িত এক গোচৰ ৩/২০১৭ অনুসৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা, ন্যায়াধীশ অচিন্ত মল্ল বুজৰ বৰুৱা বিচাৰপীঠ দিয়ে এই ৰায়।

আনহাতে মুখ্য বন সংৰক্ষন বিষয়াগৰাকী ফালৰ পৰা মুখ্য বন সংৰক্ষণ বিভাগ আৰু শীৰ্ষ বনফৰ্চ ৰ ফালৰ পৰা যোৱা ১৮ জুলাই ২০১৯ তাৰিখে ন্যায়ালয়ক জনোৱা হয় যে,বিল খনৰ সমূহ ঠাই উন্নয়ন আৰু তদাৰক কৰাৰ বাবে পৰিকল্পনা আৰু ব্যয় নিৰ্ধাৰণ কৰা হৈছে ।উল্লেখ্য যে দীপৰ বিল সংৰক্ষন আৰু উন্নয়ন সমাজৰ অধ্যক্ষ হল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

অন্য খবৰৰ বাবে পঢ়ক : কেবে পাঁচ লাখ লোকৰ সমস্যা সমাধান কৰিব: হিমন্ত বিশ্ব শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক: Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি