অন্ধবিশ্বাসৰ বিৰোধিতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ , বৈজ্ঞানিক পদ্ধতিক প্ৰাসাৰন

অন্ধবিশ্বাসৰ বিৰোধিতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ , বৈজ্ঞানিক পদ্ধতিক প্ৰাসাৰন

অন্ধবিশ্বাসৰ বিৰোধিতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ , বৈজ্ঞানিক পদ্ধতিক প্ৰাসাৰন।‌চবুৱা লেজিচলেটিভ এচেম্বলি কনচুটেনচি ( chabua legislative assembly constituency ) ৰ অৰ্থাৎ চাবুৱা বিধান সভা সমষ্টিৰ অধীনত ডিব্ৰুগড় জিলাত মঙ্গলবাৰে বিন্ধাকাটাত লোৱা বিভিন্ন ধৰনৰ বিকাশৰ বাবে বিভিন্ন পদ্ধতি গ্ৰহণ কৰা হয় ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে , ৰাজ্যৰ বিকাশৰ বাবে দেশৰ প্ৰধান মন্ত্ৰীৰ যোজনা " সকলোৰে সৈতে , সকলোৰে বিকাশ, সকলোৰে বিশ্বাস " ( Sabka sath, sabka vikash , Sabka viswas ) অভিযানৰ অনুসৰন কৰি অসম চৰকাৰে অসমৰ জনসাধাৰণৰ হিতৰ হকে বিভিন্ন ধৰণৰ কাম কৰি আহিছে ।

বিকাশৰ এই যোজনাটোৰ অধীনত সামৰি লোৱা হৈছে বিন্দাকাটা হাই স্কুলৰ আন্ত: গাঠনি , ডি আৰু টি পথটো ধুনীয়া আৰু উন্নত কৰা , লগতে দিনজান আৰু অন্য তিনিটা গ্ৰামীণ পথৰ নিৰ্মাণ । সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনৰ পৰা জনসাধাৰণৰ সৰ্বাংগীন উন্নয়নৰ বাবে অৰ্থাৎ জনসাধাৰণৰ জীৱন ধাৰণৰ বিভিন্ন ক্ষেত্ৰ সমূহৰ পৰিবৰ্তনৰ বাবে বিভিন্ন কাম আৰম্ভ কৰিছে ।

তাৰ পৰা অনুপ্ৰাণিত হৈ ৰাজ্য চৰকাৰে ও সম্পূৰ্ণ চেষ্টা কৰিছে ৰাজ্যৰ প্ৰতিটো চুক কোনৰ উন্নয়নৰ বাবে । ইয়াৰ প্ৰতি সন্মান জনাই চাবুৱা বিধান সভা সমষ্টিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ৰাজ্য চৰকাৰে এতিয়ালৈকে বিকাশ আৰু কল্যাণ মূলক আচঁনি ৰ বাবে কমেও ১৫০ কোটি টকা ব্যয় কৰিছে ।

বুদ্ধিকান্তা হাইস্কুলৰ পুৰণি দিনবোৰ মনত পেলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই অঞ্চলৰ শিক্ষক আৰু অভিভাৱক সকলক তেওঁলোকৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে ভাল নীতি জ্ঞান দিয়াৰ লগতে লৰা ছোৱালী সকলক পঢ়াৰ প্ৰতি অনুপ্ৰৰনা বা উৎসাহ জনাবলৈ কয় । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো জনসাধাৰণক বিজ্ঞান সন্মত মানসিকতাৰ উন্নতি কৰাৰ লগতে সমাজত চলি থকা অন্ধবিশ্বাস আৰু সামাজিক অপবাদ সমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ কয় ।

কেন্দ্ৰীয় মন্ত্ৰী (Food processing industries ) ৰামেশ্বৰ তেলী, লক্ষীমপুৰ জিলাৰ সাংসদ প্ৰধান বৰুৱা ও উক্ত সভাত মন্তব্য আগবঢ়ায় । উক্ত সভাত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই আদৰনীয় ভাষন দিয়ে । অসম গেছ কোম্পানী লিমিটেড ৰ উপ অধ্যক্ষ ইন্দ্ৰ গগৈ , জিলা উপায়ুক্ত পল্লৱ জাহ , লগতে বহুতো জন প্ৰতিনেধী ও উপস্থিত থাকে উক্ত সভাত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিন্দাকাটা অঞ্চলত থকা ফুড হেল্থ কেম্প ( Food health camp ) ও পৰিদৰ্শন কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP State President Ranjeet Dass celebrates PM Modi's birthday

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com