Begin typing your search above and press return to search.

হিমা দাসলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অভিনন্দন

হিমা দাসলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অভিনন্দন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 July 2019 8:23 AM GMT

পজনান এথলেটিকছ গ্ৰেণ্ড প্ৰিস্ক ২০০ মিটাৰত স্বৰ্ণ পদক জয় হিমা দাসৰ | হিমা দাসৰ এই সফলতাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে হিমা দাসক অভিনন্দন জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকাশ কৰে যে , অসমৰ এথলেটিকছ হিমা দাসে পুনৰ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লগতে আন্তঃৰাষ্ট্ৰীয় পেক্ষাপটতো নিজৰ নাম সন্নিবিষ্ট কৰিছে হিমা দাসে । হিমা দাসৰ সফলতায়ে ৰাজ্যত অধিক খেলুৱৈক জন্ম দিব আৰু সমগ্ৰ বিশ্বতে ৰাজ্যৰ ক্ৰীড়া প্ৰতিভা পদৰ্শন কৰিবলৈ সক্ষম হৈছে । লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে হিমা দাসে যাতে তেওঁৰ সফলতা ভবিষ্যতেও অব্যাহত ৰাখে তাৰ কামনা কৰে । ৰাজ্য আৰু দেশলৈ যাতে অধিক গৌৰব কঢ়িয়াই আনে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগতে আন আন ভাৰতীয় খেলুৱৈ সকলকো অভিনন্দন জ্ঞাপন কৰে ।

পুনৰ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে স্বৰ্ণ কন্যা হিমা দাসে। পোলেণ্ডত পুনত পুনৰ স্বৰ্ণ পদক আজুৰি আনিছে হিমা দাসে। পোলেণ্ডত অনুষ্ঠিত ২০০ মিটাৰ পজনান এথলেটিকছ গ্ৰেণ্ড প্ৰিস্কত সোনৰ পদক লাভ কৰে হিমা দাসে। ভাৰতৰ আন এজন খেলুৱৈ তাজিন্দ্ৰ পল সিঙ তৰে ব্ৰঞ্জৰ পদক লাভ কৰে। পোলেণ্ডত অনুষ্ঠিত ২০০ মিটাৰত হিমা দাসে ২৩.৬৫ ছেকেণ্ডত অতিক্ৰম কৰে।

Hima-Das

পোলেণ্ডত অনুষ্ঠিত ২০০ মিটাৰ পজনান এথলেটিকছ গ্ৰেণ্ড প্ৰিস্কত সোনৰ পদক লাভ কৰে হিমা দাসে। ভাৰতৰ আন এজন খেলুৱৈ তাজিন্দ্ৰ পল সিঙ তৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

অসম কন্যা হিমা দাস বিশ্ব জুনিয়ৰ চেম্পিয়ন আৰু ৪০০ মিটাৰত ৰাষ্ট্ৰীয় পদক লাভ কৰা হিমা দাসে পিঠিৰ বিষ নেওচি মহিলাৰ ২০০ মিটাৰ ৰেচত সোনৰ পদক লাভ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক :পজনান এথলেটিকছ গ্ৰেণ্ড প্ৰিস্ক ২০০ মিটাৰত স্বৰ্ণ পদক জয় হিমা দাসৰ

Next Story
চাকৰি