অম্বুবাচী মেলাৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে

অম্বুবাচী মেলাৰ শুভ  উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে
Published on

" অম্বুবাচী মেলাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত আৰু বিশ্বয়ে মা কামাখ্যাৰ আৰ্শীবাদ লাভ কৰে । এই আৰ্শীবাদৰ শক্তিয়ে শান্তিৰ বাতাবৰণ আৰু সমলয় বজাই ৰখাত এক গুৰুত্বপূৰ্ণ অবদান আগবঢ়াই " বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰকাশ কৰে। শুকুৰবাৰে সোনাৰাম হাইস্কুলত অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা প্ৰকাশ কৰে।লগতে তেওঁ প্ৰকাশ কৰে যে সমগ্ৰ বিশ্বৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো পৰ্যটক আহে অম্বুবাচী মেলালৈ। যোৱা ৩ টা বৰ্ষত অম্বুবাচী মেলা সফল ভাৱে আয়োজন কৰা হৈছে ।

পৰ্যটন আৰু সংস্কৃতি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিঙ পাটেলে প্ৰকাশ কৰে যে, অম্বুবাচী মেলাৰ প্ৰথম দিনটোত উপস্থিত থাকি নিজকে সৌভাগ্যবান বুলি প্ৰকাশ কৰে আৰু ইয়াৰ পৰ্যটনৰ বাবে বহুতো প্ৰাকৃতিক থল আছে বুলি প্ৰকাশ কৰে।

অসম পৰ্যটন উন্নয়ন নিগমৰ অধক্ষ্য জয়ন্ত মল্ল বৰুৱা , কামাখ্যা দেৱালয়ৰ বৰদলৈ মহিত শৰ্মা আৰু আধ্যাত্মিক গুৰু এই অনুষ্ঠানত উপস্থিত থাকে । এই অনুষ্ঠানত কামৰূপ মেট্ৰৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুয়ে সকলোকে আদৰণি জনাই । পৰ্যটন মন্ত্ৰী চন্দন বক্ষ্ম, শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মন্ত্ৰী কেশৱ মহন্ত, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মেডিয়া উপদেষ্টা হৃষীকেষ গোস্বামীও এই অনুষ্ঠানত উপস্থিত থাকে ।

২২ জুনৰ পৰা আৰম্ভ হব অম্বুবাচী মেলা । ইতিমধ্যে দেশী বিদেশী পৰ্যটকে ভিৰ কৰিছে কামাখ্যাত । নীলাচলৰ বুকুত এতিয়া এক উখল মাখল পৰিবেশ । জিলা প্ৰশাসনে সম্পুৰ্ণ কৰিছে প্ৰস্তুতি।

অম্বুবাচী মেলালৈ অহা ভক্ত সকলৰ বাবে ৬ তা শিবিৰ ৰ ব্যৱস্থা কৰা হৈছে। তাৰে ৩ তা শিবিৰ থাকিব ফাঁচী বজাৰ পুৰণি জেইল চৌহদত। বাকী পাণ্ডুত এটা , গৌৰীপাৰা তৰুণ সংঘত এটা আৰু কামাখ্যা ৰ সমীপৰ নাহৰ বাৰীত এটা শিবিৰৰ ব্যবস্থা কৰা হৈছে ।৪০ হাজাৰতকৈ অধিক ভক্ত থাকিব পাৰিব উক্ত শিবিৰ কেইটাত।

২৯ টা খাদ্য ভাণ্ডাৰা আৰু ৪০ টা পানীৰ ভাণ্ডাৰা নিযুক্তি দিয়া হ’ব । ব্যক্তিগত ভাণ্ডাৰাৰ অনুমতি দিয়া হোৱা নাই। কাৰোবাৰ যদি খাদ্য বিতৰণ কৰিবলৈ ইচ্ছা থাকে তেনেহলে শিবিৰত গৈ খাদ্য বিতৰণ কৰিব পাৰিব।

কামাখ্যা মন্দিৰৰ ওপৰলৈ যোৱা মূল পথকে ধৰি অন্য তিনিটা পথ ব্যৱহাৰ কৰিবলৈ দৰ্শনাৰ্থীক আহ্বান জনাইছে ।বিভিন্ন শিবিৰত থকা ভক্ত সকলক অনা নিয়া কৰিবৰ বাবে ৮০ খন বাহন পৰিবহন নিগমৰ পৰা যোগান ধৰা হ’ব ।

মুঠ দুটা তথ্য কেন্দ্ৰ থাকিব। য’ত স্বাস্থ্য সেৱা তথা তথ্যৰ সকলো সুবিধা লাভ কৰিব পাৰিব ভক্ত সকলে। তথ্য কেন্দ্ৰ দুটা কামাখ্যা ৰেলৱে ষ্টেচন আৰু কামাখ্যালৈ উঠি যোৱা মূল দুৱাৰৰ কাষত থাকিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com