Begin typing your search above and press return to search.

অম্বুবাচী মেলাৰ প্ৰাকক্ষণত কামাখ্যাত মুণ্ডহীন মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

অম্বুবাচী মেলাৰ প্ৰাকক্ষণত কামাখ্যাত মুণ্ডহীন মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jun 2019 8:22 AM GMT

অম্বুবাচী মেলাৰ প্ৰাকক্ষণত বুধবাৰে নিশা কামাখ্যাত মুণ্ডহীন মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে। এই ঘটনায়ে এতিয়া তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নীলাচল পাহাৰৰ জয় দুৰ্গা মন্দিৰৰ সমিপত মুণ্ডহীন মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে । উদ্ধাৰ হোৱা মৃতদেহটোৰ সমিপত কিছুমান পূজাৰ সামগ্ৰীও উদ্ধাৰ হৈছে । বৰ্তমানলৈ মৃতদেহটো চিনাক্ত কৰিব পৰা নাই ।

আৰক্ষীৰ শীৰ্ষ বিষয়া , লগতে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ঘটনাস্থলীত উপস্থিত হৈছে । অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে । বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই আৰু মুণ্ডটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

উল্লেখযোগ্য যে, অম্বুবাচী মেলাৰ কাৰনে কামৰূপ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতো কেনেদৰে এই ঘটনা সংঘটিত হবলৈ পালে তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

২২ জুনৰ পৰা ২৫ জুনলৈ অম্বুবাচী মেলা । অম্বুবাচী মেলাৰ বাবে নীলাচলৰ বুকুত এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে । ইতিমধ্যে দেশী বিদেশী পৰ্যটকে আহি ভিৰ কৰিছে কামাখ্যা ধামত । অম্বুবাচী মেলাৰ প্ৰাকক্ষণত মুণ্ডহীন মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

অম্বুবাচী মেলাৰ বাবে কামৰূপ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । পৰ্যটক সকলৰ বাবে শিবিৰৰ ব্যবস্থা কৰিছে । লগতে যান বাহন আৰক্ষীয়ে কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে ।কামাখ্যাত মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। অম্বুবাচী উপলক্ষে কটকটীয়া নিৰাপত্তাৰ মাজতে জয়দুৰ্গা মন্দিৰৰ চিৰিত উদ্ধাৰ হয় মহিলাৰ মৃতদেহ। মৃতদেহৰ সমীপতে উদ্ধাৰ পূজাৰ সা–সামগ্ৰী। অন্ধবিশ্বাসৰ বলি একাংশই মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মহিলাগৰাকীৰ মুণ্ড বিচাৰি আজি পুৱাৰে পৰা পুনৰ অভিযান চলাইছে আৰক্ষীয়ে।

এই ঘটনাৰ পিছতে কামাখ্যাৰ দলৈ সমাজে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। দলৈ সমাজে কয় – অম্বুবাচী মেলাত বিঘিনি ঘটাবলৈ এই ষড়যন্ত্ৰ কৰিছে দুষ্টচক্ৰই। কামাখ্যাক বদনাম কৰিবলৈ চক্ৰান্ত চলিছে। এয়া নৰবলি নহয়, এনেকুৱা প্ৰথা কামাখ্যাত নাই। কামাখ্যাত ম’হ, ছাগলী বলি দিয়া হয় যদিও মতা ছাগলী বা মতা ম’হহে বলি দিয়া হয়।

অধিক খবৰৰ বাবে পঢ়ক: ২২ পৰা ২৫ জুনলৈ অম্বুবাচী মেলা: কামৰূপ জিলা উপায়ুক্ত, যান বাহন আৰক্ষীৰ সংবাদমেল

Next Story
চাকৰি