৭০ সংখ্যক বন মহোৎসৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰকৃতিৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া

৭০ সংখ্যক বন মহোৎসৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰকৃতিৰ  ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰৰ প্ৰক্ষাগৃহত হোৱা ৭০ সংখ্যক বন মহোৎসৱৰ সমাৰোহত অংশ গ্ৰহণ কৰি প্ৰকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ লগতে প্ৰকৃতিৰ সেউজীয়া বৈশিষ্টক কোনো ধৰণৰ প্ৰভাৱ নপৰাকৈ ৰাখিবৰ কাৰণে আহ্বান কৰে মুখ্যমন্ত্ৰী সোনোৱালে।

ইফালে প্ৰকৃতি আৰু মানুহৰ মাজত সহ অস্তিত্ব বৰ্তি থকাৰ ওপৰত অধিক মনোনিবেশ কৰিবলৈ কয় সোনোৱালে ৷ লগতে মানুহে সুস্থিৰে জীৱন অতিবাহিত কৰিবলৈ প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোনোৱালে। এক সংবাদ বিজ্ঞপ্তিৰ যোগেৰে মুখ্যমন্ত্ৰী সোনোৱালে সকলো ফালে সেউজীয়া পৰিবেশ নিৰ্মাণ কৰিবলৈ সকলোকে আহ্বান কৰে ৷

সোনোৱালে ১ পৰা ৭ জুলাইৰ ভিতৰত প্ৰায় ২২,৫০,০০০ সংখ্যক গছ পুলি ৰোপনৰ প্ৰসংগক বন বিভাগক প্ৰশংসা কৰে ৷ কাৰণ বন বিভাগে গছ ৰোপনৰ কাৰণে যাৱতীয় পদক্ষেপ হাতত লৈছে ৷লগতে সমগ্ৰ ৰাজ্যক সেউজীয়া কৰিবৰ পদক্ষেপ ল’বলৈ কয় ৷ মুখ্যমন্ত্ৰী সোনোৱালে এই অনুষ্ঠানৰ মাজত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছ পুলি বিতৰণ কৰে।

লগতে ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃতিৰ লগত সম্পৰ্ক ৰখা কৰি এখন সেউজীয়া পৃথিৱী গঢ়ি তুলিবলৈ আহ্বান কৰে ৷ মুখ্যমন্ত্ৰী সোনোৱালে এই সময়ত ৰাজ্যৰ ১৩৯ জন যুৱকক বন বিভাগৰ নিযুক্তি পত্ৰ প্ৰেৰণ কৰে ৷ আৰু তেওঁলোকক বন তথা প্ৰকৃতি সুৰক্ষা কৰিবলৈ আহ্বান কৰে। উল্লেখ্য যে এই অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যও মন্তব্য কৰে৷ ইয়াৰ উপৰিও এই অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ,পিচিচিএফ এম সিঙৰ লগতে অন্য গন্য মান্য ব্যক্তিসকল উপস্থিত আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com