Begin typing your search above and press return to search.

অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2019 6:47 AM GMT

অযোধ্যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানক স্বাগতম জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্তব্যক সাৰোগত কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায়দান কোনো পক্ষৰে জয় পৰাজয় নহয় ৷ সোনোৱালে ৰাজ্যৰ সকলো জনসাধাৰণৰ মাজত পুৰণি একতা,সদ্ভাৱ বৰ্তাই ৰাখিবলৈ কয় ৷

লগতে সকলো জনসাধাৰণক যিকোনো ভূৱা বাতৰিত বিশ্বাস নকৰি দেশৰ ন্যায়পালিকৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ আনহাতে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফেচবুকত ৰাম জন্মভূমিক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ সন্দৰ্ভত প্ৰকাশ কৰে যে এইয়া কোনো পক্ষৰ জয় বা পৰাজয় নহয়।

লগতে নৰেন্দ্ৰ মোডীয়ে কয় যে ৰাম ভক্তিয়েই হওঁক বা ৰহিম ভক্তিয়েই হওঁক ৷আমি ৰাষ্ট্ৰ ভক্তিৰ ভাৱনাকহে শক্তি শালী কৰিব লাগে ৷আমি ৰাষ্ট্ৰ ভক্তিৰ ভাবনাকহে শক্তিশালী কৰিব লাগে।লগতে শান্তি আৰু সম্প্ৰীতি ভাব শক্তিশালী হ’ব লাগে ৷ ফেচবুকত এনেদৰে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ অযোধ্যাক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত উল্লেখযোগ্য ৷কাৰণ যিকোনো বিবাদক আইনৰ যথাযথ ব্যৱহাৰে সমাধান কৰিব পাৰি ৷ ইয়াৰ দ্বাৰা আমাৰ ন্যায়পালিকাৰ স্বাধীনতা,পাৰদৰ্শিতাৰ বিষয়ে জানিব পাৰি ৷

লগতে স্পষ্ট হয় যে আইনৰ সন্মুখত সকলো সমান । উচ্চতম ন্যায়ালয়ৰ আজিৰ শুনানিত ১৩০ কোটি ভাৰতীয়ই শান্তি,সম্প্ৰীতি বৰ্তাই ৰাখিছে।গতিকে এনেদৰে অনাগত দিনত একতাৰ এই ভাৱনাই আমাৰ দেশক বিকাশৰ পথত আগুৱাই নিব ৷

অন্য খবৰৰ বাবে পঢ়ক: অযোধ্যাৰ বিতৰ্কৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি কংগ্ৰেছৰ

ভিডিঅ প্ৰতক্ষ্য কৰক :Assam Pradesh Congress Committee (APCC) Welcomes Supreme Court Verdict in Ayodhya Dispute Case

Next Story
চাকৰি