Begin typing your search above and press return to search.

এইবাৰ যৌতুকৰ গোচৰত অভিযুক্ত হ’ল ফ্লিপকাৰ্টৰ সহঃপ্ৰতিষ্ঠাপক

এইবাৰ যৌতুকৰ গোচৰত অভিযুক্ত হ’ল ফ্লিপকাৰ্টৰ সহঃপ্ৰতিষ্ঠাপক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 March 2020 12:29 PM GMT

এইবাৰ যৌতুকৰ গোচৰত অভিযুক্ত হ’ল ফ্লিপকাৰ্টৰ সহঃপ্ৰতিষ্ঠাপক

যৌতুক বিচাৰি পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগত এইবাৰ অভিযুক্ত হ’ল দেশৰ বিখ্যাত ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টৰ সহঃপ্ৰতিষ্ঠাপক শটীন বাঞ্চাল। বাঞ্চালৰ পত্নী প্ৰিয়া বাঞ্চালে স্বামী আৰু স্বামী পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি আৰক্ষীৰ দ্বাৰস্থ হৈছে। ইতিমধ্যে বাঞ্চাল পত্নীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে উদ্যোগপতিগৰাকী আৰু তেওঁৰ পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ গোচৰ ৰুজু কৰিছে। ভাৰতীয় দণ্ড বিধিৰ ৪৮৯(ক) ধাৰাত এই গোচৰ ৰুজু হৈছে দিল্লীৰ এখন আৰক্ষী থানাত। উল্লেখ্য যে ৱালমাৰ্টে ফ্লিপকাৰ্টৰ সিংহভাগ অংশ ক্ৰয় কৰাৰ পাছত সম্প্ৰতি বাঞ্চালে নৱী টেকন’লজিছ নামৰ এটা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি আছে । স্বামীৰ বিৰুদ্ধে যৌতুক বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি বাঞ্চালৰ পত্নীয়ে কয় যে তেওঁৰ পিতৃয়ে প্ৰিয়া আৰু বাঞ্চালৰ বিয়াত ৫০ লাখ টকা খৰচ কৰিছিল। তদুপৰি তেওঁ জোঁৱায়েকক গাড়ীৰ পৰিৱৰ্তে নগদ ১১ লাখ টকা দিছিল। তত্সত্বেও স্বামীয়ে যৌতুক বিচাৰি নিৰ্যাতন চলাই অহা বুলি প্ৰিয়াই অভিযোগ কৰিছে। মহিলাগৰাকীয়ে আৰক্ষীক দিয়া অভিযোগ অনুসৰি তেওঁৰ স্বামীয়ে তেওঁৰ নামত থকা সম্পত্তি বাঞ্চালৰ নামত লিখি দিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে।কিন্তু তাকে কৰিবলৈ অমান্তি হ’লে তেওঁক স্বামীয়ে শাৰীৰিক নিৰ্যাতন চলাই বুলি বাঞ্চালৰ পত্নীয়ে অভিযোগ উত্থাপন কৰিছে। বাঞ্চালৰ পত্নীয়ে লগতে অভিযোগ কৰে যে দীঘলীয়া সময় ধৰি স্বামীয়ে তেওঁক শাৰীৰিক-মানসিক নিৰ্যাতন চলাই আহিছে।

এইক্ষেত্ৰত স্বামীক পৰিয়ালৰ একাংশ সদস্যই বাঞ্চালক সহয়োগ তথা সমৰ্থন কৰে বুলিও বাঞ্চাল পত্নীয়ে অভিযোগ কৰিছে। কেৱল সেয়াই নহয়, বাঞ্চালে প্ৰিয়াৰ ভগ্নীকো এবাৰ প্ৰহাৰ কৰাৰ অভিযোগ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে শচীন বাঞ্চাল আৰু বিন্নী বাঞ্চালে ফ্লিপকাৰ্ট স্থাপন কৰিছিল। স্থাপনৰ কিছুদিনৰ পাছতে প্ৰতিষ্ঠানটোৱে দেশজুৰি জনপ্ৰিয়তা অৰ্জন কৰে। সেইসূত্ৰে ফ্লিপকাৰ্টে ই-বে, এমাজন আদিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয়।

কিন্তু ২০১৮ত ফ্লিপকাৰ্টৰ ৭৭শতাংশ শ্বেয়াৰ ৱালমাৰ্টে ক্ৰয় কৰে। তাৰ পাছতে শচীন বাঞ্চালে ফ্লিপকাৰ্ট ত্যাগ কৰে। অৱশ্যে বৰ্তমানেও বিন্নী বাঞ্চালে ফ্লিপকাৰ্টৰ মেনেজমেণ্ট শাখাত কাৰ্যনিৰ্বাহ কৰি আছে। ইপিনে, শচীন বাঞ্চালৰ বিৰুদ্ধে ৱালমাৰ্টে কৰ্মক্ষেত্ৰত যৌন নিৰ্য়াতন চলোৱা সংক্ৰান্তীয় এক অভিযোগৰ তদন্তৰ ব্যৱস্থা কৰিছে। গতিকে এইবাৰ স্বয়ং পত্নীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগে সফল ব্যৱসায়ীজনক অধিক শ’লঠেকত পেলোৱাৰ আশংকা প্ৰকট হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: ৰেলৱে ব্যক্তিগতকৰণ নীতিৰ বিৰোধিতা উত্তৰ পূব সীমান্ত মজদুৰ ইউনিয়নৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Coal laden truck overturns at Tinsukia-Makum bypass road, Driver injured

Next Story
চাকৰি