Begin typing your search above and press return to search.

মহাবিদ্যালয় সমূহত কেৰিয়াৰ পৰামৰ্শ কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ

মহাবিদ্যালয় সমূহত কেৰিয়াৰ পৰামৰ্শ কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2019 10:58 AM GMT

উচ্চতৰ শিক্ষা সংসদৰ অধক্ষ্যয়ে সকলো অসমৰ চৰকাৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকৃত মহাবিদ্যালয় সমূহত কেৰিয়াৰ পৰামৰ্শ কেন্দ্ৰ স্থাপনৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে। ইউ জি চিৰ XI গাইডলাইনৰ মতে , সকলো কলেজত কেৰিয়াৰ আৰু কাউঞ্চিলিঙৰ শাখা থাকিব লাগে। এই নিৰ্দেশৰ ভিত্তিতে কাউঞ্চিলিঙৰ সেৱা আনুষ্ঠানিক ভাৱে সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ আৰু ভাষাগত আদি জ্ঞানৰ অভাৱ, তেওলোকক সামাজিক সংস্থাপন আৰু বিশেষত্ব জ্ঞান দান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হয় । ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰী সকলক আৰু অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম কৰি তুলিব । কিন্তু অসমৰ বহু কেইখন কলেজে এই নীতি মানি চলা নাই।

শেহতীয়াকৈ, ডি আৰ এচ চি ( Departmentally related standing committee) , এ এল এ ( assam legislative assembly) য়ে এক বৈঠক অনুস্থিত কৰিছিল । এই বৈঠকতে ২০১৯ -২০ শিক্ষা বৰ্ষৰ ৪৩ ৰিপোৰ্টৰ ৮ নম্বৰত প্ৰত্যেক খন মহাবিদ্যালয়তে কেৰিয়াৰ কাউঞ্চিলিঙ কেন্দ্ৰ স্থাপন কৰাৰ কথা উল্লেখ কৰে। ইউ জি চিৰ XI গাইডলাইনৰ মতে , সকলো কলেজত কেৰিয়াৰ আৰু কাউঞ্চিলিঙৰ শাখা থাকিব লাগে।

কেৰিয়াৰ শিক্ষায়ে ছাত্ৰ ছাত্ৰী সকলক জীৱনত পথ নিৰ্ধাৰণ কৰাত সুবিধা লাভ হব । লগতে সামাজিক - অৰ্থনৈতিক দিশতো তেওঁলোক মানসিক ভাৱে শক্তিশালী হব । ছাত্ৰ ছাত্ৰীৰ সকলৰ লাভ হোৱাকৈ কলেজ সমূহত জৰুৰী ভাৱে কেৰিয়াৰ কাউঞ্চিলিঙ কেন্দ্ৰ স্থাপন কৰিবলৈ কোৱা হৈছে ।ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰী সকলক আৰু অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম কৰি তুলিব ।

অধিক খবৰৰ বাবে পঢ়ক:ৰাজ্যৰ কোনো মহাবিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণীঃশিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

Next Story
চাকৰি