Begin typing your search above and press return to search.

বিত্তীয় ব্যৱস্থাপনাত মহাগাণনিকৰ উদ্বেগ

বিত্তীয় ব্যৱস্থাপনাত মহাগাণনিকৰ উদ্বেগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2019 7:05 AM GMT

বিত্তীয় ব্যৱস্থাপনাত মহাগাণনিকৰ উদ্বেগ ৷ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাপনা সুস্থিৰ বুলি ঘোষণা কৰিলেও অসম বিধানসভাত দাখিল কৰা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষকৰ অৰ্থাৎ কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে বিপৰীত প্ৰতিচ্ছবি ৷ ২০১৭-১৮ বৰ্ষৰ ৰাজ্যিক বিত্তৰ হিছাপ পৰীক্ষা প্ৰতিবেদনখনৰ পৃষ্ঠাই পৃষ্ঠাই আছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাপনাৰ কিয়দাংশ ৷ কেগৰ প্ৰতিবেদনৰ মতে ২০১৭-১৮ বৰ্ষত বাজেটত বন আৰু পৰিবেশ বিভাগে মাত্ৰ ১০ কোটি টকা ব্যয় কৰে ৷

২০১৭-১৮ বৰ্ষত মুঠ অনুদান আৰু বিনিয়োগ ৯১,৪৫৩,০৮ কোটি টকাৰ বিপৰীতে ৬৮,৫৮৬,৯৯ কোটিহে খৰচ হোৱাত ৰাহি হয় ৩০,৮৬৬,০৯ কোটি টকা অৰ্থাৎ ৩১ শতাংশ ৷ যিটো দুৰ্বল বিত্তীয় ব্যৱস্থাপনা বুলি প্ৰতিবেদনত উল্লেখ আছে । আনহাতে ৰাহি হোৱা ৩০,৮৬৬,০৯ কোটি টকাৰ ৩৯০০ কোটি টকা চৰকাৰে সমৰ্পণ কৰে ,যি ধনৰ আকৌ ৩৮৯৪ কোটি টকাই ৩১ মাৰ্চত সমৰ্পন কৰাৰ ফলত আন বিভাগত খৰচ কৰিব নোৱাৰিলে ৷যাক দুৰ্বল বিত্তীয় ব্যৱস্থা কৰিছে কেগে ৷

ইফালে এই বিত্তীয় বিভাগত ৭৫ টা শিতানৰ পৰিপূৰক পুঁজি অপ্ৰয়োজনীয় বুলি প্ৰমাণিত হৈছে ৷যি পুঁজিৰ পৰিমাণ ৬,০২৯,৬৭ কোটি টকা ৷এই পৰিপূৰক পুঁজিৰ শিতানৰ ক্ষেত্ৰতো বিত্তীয় বৰ্ষৰ শেষৰ সময়ছোৱাত অধিক খৰচৰ তৎপৰতা পৰ্যবেক্ষণ কৰি আৰু দুৰ্বল বিত্তীয় নিয়ন্ত্ৰণ বুলি অভিহিত কৰে কেগে। গতিকে চলিত বৰ্ষত বিত্তীয় ব্যৱস্থাপনাৰ ক্ষেত্ৰত চৰকাৰে প্ৰদৰ্শন কৰা চৰম ব্যৰ্থতা সন্দৰ্ভত প্ৰকাশ পাইছে এনে ধৰণৰ তথ্য ৷

অন্য খবৰৰ বাবে পঢ়ক: লোকসভাত গৃহীত হ’ল তিনি তালাক বিধেয়ক: প্ৰতিবাদ বিৰোধীৰ

Next Story
চাকৰি